নিশা ব্যৱসায়ীক ছুৰিকাঘাতঃ দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকা...

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। এইবাৰ গৰৈমাৰীত নিশা ছুৰিকাঘাতৰ ঘটনা সংঘটিত হৈছে।

author-image
Asomiya Pratidin
New Update
নিশা ব্যৱসায়ীক ছুৰিকাঘাতঃ দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকা...

ডিজিটেল ডেস্কঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। এইবাৰ কামৰূপৰ গৰৈমাৰীত নিশা ছুৰিকাঘাতৰ ঘটনা সংঘটিত হৈছে। এজন ব্যৱসায়ীক ছুৰীৰে আঘাত কৰি টকা লুটি নিয়ে দুৰ্বৃত্তই। আক্রমণত আহত ব্যৱসায়ীজনৰ নাম আবু বাক্কাৰ ছিদ্দিক।

Advertisment

দুৰ্বৃত্তই ছুৰীৰে আঘাত কৰি ব্যৱসায়জনৰ পৰা লৈ যায় ৫ লাখ ৪০ হাজাৰ টকা। উক্ত ব্যৱসায়জনক আক্ৰমণ কৰা দুৰ্বৃত্তৰ দলটোক ৰাইজে খেদি খেদি আটক কৰাৰ চেষ্টা চলাই যদিও ইয়াৰে এটা ডকাইতক আটক কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন ৪ ডকাইতে আন্ধাৰৰ সুযোগত টকা লৈ পলায়ন কৰে।

উল্লেখ্য ৰাইজে আটক কৰা ধৃত ডকাইতটো জাহিৰপুৰ গাঁৱৰ কাইয়ুম আলী বুলি চিনাক্ত কৰা হৈছে। ইপিনে আবু বাক্কাৰ ছিদ্দিক নামৰ ব্যৱসায়জনক সংকটজনক অৱস্থাত জি এম চি এইছলৈ প্রেৰণ কৰা হৈছে। লগতে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

Also Read: ম'বাইল চুৰিৰ ঘটনাৰে অভিযুক্তৰ নাই কোনো শুংসূত্ৰ

Assam police