আজাৰা আৰক্ষীৰ জালত এটিএম কাৰ্ড চোৰ...

আজাৰা আৰক্ষীৰ জালত এটিএম কাৰ্ড চোৰ

author-image
Asomiya Pratidin
New Update
আজাৰা আৰক্ষীৰ জালত এটিএম কাৰ্ড চোৰ...

ডিজিটেল সংবাদ, আজাৰাঃ ৰাজ্যত বৃদ্ধি পাইছে এটিএমৰ পৰা ধন হৰলুকি কৰা চক্ৰৰ সক্ৰিয়তা। কেতিয়াবা একাউণ্টৰ পৰা ধন উলিয়াই নিয়ে আৰু কেতিয়াবা এটিএমলৈ যোৱা সাধাৰণ লোকক ঠগবাজি কৰি এটিএম কাৰ্ড সলাই ধন হৰলুকি কৰে। তেনে এটা ধন হৰলুকি কৰা এটা গভাইত চোৰক বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ভিআইপিত থকা এছ বি আই শাখাৰ সমুখৰ পৰা আজাৰা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

Advertisment

ধুবুৰী ঝগৰাপাৰৰ আনোৱাৰ হুছেইন নামৰ চোৰটোৰ পৰা এটিম কাৰ্ড ছয়খন আৰু টকা ৪৫ হাজাৰ উদ্ধাৰ কৰে। বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আজাৰা থানা আৰু বৰঝাৰ আৰক্ষী চকীৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই গভাইত চোৰটোক কৰায়ত্ত কৰি আজাৰা থানাত সোধা পোছৰ বাবে ৰাখিছে।

Also Read: প্ৰথমে সহায় পাছত লুট কৰি পেলাই থৈ যায় ৰাস্তাত! মহানগৰীত ৫ ডকাইত গ্ৰেপ্তাৰ

guwahati city Assam police