প্ৰথমে সহায় পাছত লুট কৰি পেলাই থৈ যায় ৰাস্তাত! মহানগৰীত ৫ ডকাইত গ্ৰেপ্তাৰ

জালুকবাৰীৰ অপহৰণ আৰু ডকাইতি কাণ্ডৰ চাঞ্চল্যকৰ তথ্য ফাদিল। দুৰ্বৃত্তৰ দলে পাঁচ মাহত ৪টাকৈ ঘটনা সংঘটিত হৈছিল জালুকবাৰী অঞ্চলত।

author-image
Asomiya Pratidin
New Update
প্ৰথমে সহায় পাছত লুট কৰি পেলাই থৈ যায় ৰাস্তাত! মহানগৰীত ৫ ডকাইত গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ জালুকবাৰীৰ অপহৰণ আৰু ডকাইতি কাণ্ডৰ চাঞ্চল্যকৰ তথ্য ফাদিল। দুৰ্বৃত্তৰ দলে পাঁচ মাহত ৪টাকৈ ঘটনা সংঘটিত হৈছিল জালুকবাৰী অঞ্চলত।

Advertisment

এই সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্তই জনাই সৱিশেষ। আৰক্ষীয়ে কয় যে, লিফ্ট দিয়াৰ চলেৰে ডকাইতৰ দলে ভুক্তভোগীক কৰে অপহৰণ। পিছত আধা বাটতে চাহ খোৱাৰ চলেৰে নিচাযুক্ত দ্রব্য খুৱাই ভুক্তভোগীক। অচেতন হোৱাৰ পিছত লুট-পাত চলাই ডকাইতৰ দলটোয়ে।

ভুক্তভোগীৰ পৰা লুটি নিয়ে নগদ ধন, ম’বাইল ফোন, ATM কাৰ্ড আদি। এই সমগ্ৰ কাণ্ড কৰাৰ পাছতে ৰাস্তাত পেলাই থৈ যায় ভুক্তভোগীক।

১৫ নৱেম্বৰত সংঘটিত হৈছিল এই ঘটনা। ইতিমধ্যে মৃত্যু হৈছে এজন ভুক্তভোগীৰ। গাড়ীৰ পৰা পেলাই দিওতে অন্য গাড়ীৰ খুন্দাত হৈছিল মৃত্যু। মৃত ভুক্তভোগীজন আছিল দৰঙৰ আচমত আলী।

তথ্য অনুসৰি ডিচেম্বৰ, জানুৱাৰী আৰু মাৰ্চ মাহতো সংঘটিত হৈছিল অনুৰূপ ঘটনা। এই ঘটনাৰে জড়িত ৫টা ডকাইতক গ্রেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে।

ধৃত কেইটা মজনুৰ আলী ওৰফে গৰিয়া, ৰহিম আলী, আমিৰ হামজা, তাফাজ্জুল আলী আৰু লুফৰ ৰহমান। এই চাৰিওটা ঘটনাতে ভুক্তভোগী হৈছে ৫জন নিৰিহ লোক। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে অপহৰণত ব্যৱহৃত দুখন গাড়ী। এই ক্ষেত্রত সকলো ৰাইজকে সচেতন হোৱাৰ আহ্বান আৰক্ষী আয়ুক্তৰ।

Also Read: তামুলপুৰত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

Assam police