মহানগৰীত পুনৰ পিষ্টল দেখুৱাই মহিলাৰ চেইন কাঢ়ি নিয়া ঘটনা

এই মুহূৰ্তৰ খবৰ
এই মুহূৰ্তৰ খবৰ

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। মহানগৰীৰ বৰবাৰীত চিলনী চোৰৰ সন্ত্রাসত অতিষ্ঠ অঞ্চলবাসী। উক্ত অঞ্চলত শনিবাৰৰ নিশাও সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। 

খবৰ অনুসৰি পিষ্টল দেখুৱাই দুগৰাকী মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিয়ে দুৰ্বৃত্তই। ক’লা ৰঙৰ এখন বাইকত অহা দুৰ্বৃত্তই পদূলিমুখৰ পৰাই মহিলাকেইগৰাকীৰ চেইন কাঢ়ি নিয়ে। উল্লেযোগ্য যে, ভুক্তভোগী এগৰাকী মহিলাৰ নাম বীণাপানি খনিকৰ। আনহাতে আনগৰাকীৰ নাম বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই।

এই মুহূৰ্তৰ খবৰ
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মৰিসুঁতিত তীব্ৰ প্ৰতিবাদঃ ভোট বৰ্জনৰ হুংকাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in