সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মৰিসুঁতিত তীব্ৰ প্ৰতিবাদঃ ভোট বৰ্জনৰ হুংকাৰ

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মৰিসুঁতিত তীব্ৰ প্ৰতিবাদঃ ভোট বৰ্জনৰ হুংকাৰ

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ পুনৰ উত্তাল বিহপুৰীয়া সমষ্টি। সমষ্টিটোৰ অন্তৰ্গত মৰিসুঁতি, বৰখেট বঙালী আৰু ২নং বৰখেট এই ৩ৱাৰ্ড প্ৰস্তাৱিত ৰঙানদী সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ পিছত শনিবাৰে মৰিসুঁতি ৱাৰ্ডৰ বাসিন্দাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৱাৰ্ডটোৰ চাৰিওদিশৰ ৱাৰ্ডসমূহ বিহপুৰীয়া সমষ্টিতে থকাৰ পিছত কি যুক্তিত মাজৰ এটা অংশ ৰঙানদীত সোমাব তাক লৈ সৰৱ হৈ পৰে অঞ্চলটোৰ ৰাইজ।

এইক্ষেত্ৰত ৰাইজে বিজেপি চৰকাৰৰ চক্ৰান্ত থকাৰো সন্দেহ ব্যক্ত কৰিছে। অঞ্চলটো পূৰ্বৰ দৰে বিহপুৰীয়া সমষ্টিতে নাৰাখিলে অনাগত সময়ত ৰাইজে তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে ভোট বৰ্জনৰো হুংকাৰ দিছে। ইফালে ৱাৰ্ডটোৰ ভোটকেন্দ্ৰটোৰ পৰা বিধায়ক অমিয় ভূঞাই বিগত নিৰ্বাচনত ভোটৰ সংখ্যা কম পোৱাত অঞ্চলটোৱে আজিলৈকে উন্নয়ণৰ মুখ নেদেখা বুলি অভিযোগ কৰি ৰাইজৰ। এইক্ষেত্ৰত বিধায়কৰ ভূমিকাতো সন্দেহ ব্যক্ত কৰিছে কৰিছে প্ৰতিবাদকাৰীয়ে।

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মৰিসুঁতিত তীব্ৰ প্ৰতিবাদঃ ভোট বৰ্জনৰ হুংকাৰ
স্বাস্থ্যমন্ত্ৰীৰ সৈতে আলোচনা মিলিত হ'ল অসম জ্যেষ্ঠ নাগৰিক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in