গুৱাহাটী আলোচনা চক্ৰৰ ৮৩০ সংখ্যক বৈঠক সম্পন্ন...

প্ৰয়াত খগেন গগৈৰ স্মৃতিত তেখেতক বাসগৃহতে অনুষ্ঠিত বৈঠক
গুৱাহাটী আলোচনা চক্ৰৰ ৮৩০ সংখ্যক বৈঠক সম্পন্ন...
গুৱাহাটী আলোচনা চক্ৰৰ ৮৩০ সংখ্যক বৈঠক সম্পন্ন...

ডিজিটেল ডেস্কঃ গুৱাহাটী আলোচনা চক্ৰৰ ৮৩০ সংখ্যক বৈঠকখন ২৮ এপ্ৰিল, দেওবাৰে ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত শিক্ষা সঞ্চালক আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব ড০ অসমী গগৈৰ স্বামী প্ৰয়াত খগেন গগৈৰ স্মৃতিত আমন্ত্ৰণক্ৰমে তেখেতৰ গুৱাহাটীৰ বিৰুবাৰীস্থিত বাসভৱনত সুসাহিত্যিক আৰু গুৱাহাটী আলোচনা চক্ৰৰ সভাপতি শ্ৰীকনক চন্দ্ৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় ।

দুৰ্গামণি বৰগোহাঁইৰ মঙ্গলাচৰণেৰে আৰম্ভ হোৱা সভাত যোৱা বৈঠকৰ কাৰ্যবিৱৰণী পাঠ কৰে সম্পাদক দিলীপ বৰুৱাই। সভাত কবিতা পাঠ কৰে ভৱেশ চন্দ্ৰ দত্ত, মদন চন্দ্ৰ মেধি, নিৰ্মল ৰাজবংশী, ইলা গোস্বামী ৰাজবংশী, বিজয়া দেৱ দাস, অঞ্জলিকা গোস্বামী চৌধুৰী, ড০ বৈজয়ন্তী গোস্বামী, দিলীপ বৰুৱা, ডাঃ অপূৰ্ব ভট্টাচাৰ্য, ডঃ অসমী গগৈ, ৰমিছা বেগম, ৰেণু দত্ত ফুকন, দুৰ্গামণি বৰগোহাঁই আৰু সৌৰভ কুমাৰ বৰকাকতিয়ে ।

অসমীয়া বানানৰ শুদ্ধতাৰ ওপৰত প্ৰৱন্ধ পাঠ কৰে প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যই আৰু এটি বাক্যত লিখা গল্প পাঠ কৰে সুৰেণ গোস্বামীয়ে। সভাপতি কনক চন্দ্ৰ শৰ্মাই 'অসমীয়া কবিতাত বসন্ত' শীৰ্ষক প্ৰৱন্ধ পাঠ কৰে আৰু অৱসৰী আয়ুক্ত -সচিব অঞ্জন শৰ্মাই ড০ অৱনী কুমাৰ ভাগৱতী ৰচিত 'ঘৰখন সৰু হ'ল' কবিতাটি আবৃত্তি কৰে।

গীত পৰিবেশন কৰি সকলোকে মনোৰঞ্জন দিয়ে পূৰৱী তালুকদাৰ, ৰেণু দত্ত ফুকন আৰু দুৰ্গামণি বৰগোহাঁইয়ে। বিশিষ্ট অতিথিৰ ভাষণ দিয়ে অখিল ভাৰতীয় সাহিত্য পৰিষদ,অসমৰ সভানেত্ৰী মৃণালিনী দেৱী, অসম লেখিকা সংস্থাৰ সভানেত্ৰী মৃদুলা শৰ্মা আৰু বিশিষ্ট গ্ৰন্থকাৰ চফিউৰ ৰহমান শইকীয়াই।

গুৱাহাটী আলোচনা চক্ৰৰ ৮৩০ সংখ্যক বৈঠক সম্পন্ন...
নগাঁৱৰ পোতনিত 'নৱৰং'ৰ ৰঙালী বিহু উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in