নগাঁৱৰ পোতনিত 'নৱৰং'ৰ ৰঙালী বিহু উদযাপন...

দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে ৰাইজক

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ পোতনিত 'নৱৰং'ৰ ৰঙালী বিহু উদযাপন...

নগাঁৱৰ পোতনিত 'নৱৰং'ৰ ৰঙালী বিহু উদযাপন...

ডিজিটেল সংবাদ বঢ়মপুৰ: নগাঁৱৰ বঢ়মপুৰৰ সমীপৱৰ্তী বৃহত্তৰ পোতনি অঞ্চলত ১৯৮৭ চনতে বিভিন্ন সামাজিক কাম-কাজৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰা "নৱৰং সাংস্কৃতিক গোষ্ঠী"ৰ উদ্যোগত গোষ্ঠীৰ ৩৯ সংখ্যক বৰ্ষপূৰ্তি আৰু ৩৭ সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন উপলক্ষে আজিৰ পৰা তিনিদিনীয়াকৈ পোতনি ম'হৰচুক গাঁৱৰ " নৱৰং"ৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। নৱৰং সাংস্কৃতিক গোষ্ঠীৰ কার্যকৰী সম্পাদক দিলীপ কুমাৰ বৰাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা বিহুৰ কাৰ্যসূচী অনুসৰি আজি পুৱাই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

Advertisment

বিশিষ্ট নাট্যকাৰ তথা অভিনেতা প্ৰণৱ বৰুৱাই শুভ উদ্বোধন কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰি এযোৰা হাতীৰ সৈতে বিহু পৰিৱেশন কৰি নাচি-বাগি ৰাইজক মোহিত কৰি তোলে । নিশালৈ বৃহত্তৰ অঞ্চলটোৰ বাচকবনীয়া শিল্পীসকলৰ দ্বাৰা নাট্যকাৰ অভিজিত ভট্টাচাৰ্য আৰু দিলীপ কুমাৰ বৰাৰ পৰিচালনাৰে " ৰাধা এবাৰ হাঁহি দে " নাটখনি মঞ্চস্থ কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

Also Read: অংকত কেঁচা ৰজা !

পোতনি ৰঙালী বিহু উদযাপন