প্ৰদূষিত মহানগৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ পৌৰ নিগমলৈ টুইটযোগে আহ্বান...

প্ৰদূষিত মহানগৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ পৌৰ নিগমলৈ টুইটযোগে আহ্বান...

ডিজিটেল ডেস্ক : ক্ৰমশ ভয়াৱহ হৈ গৈ আছে গুৱাহাটীৰ বায়ুমণ্ডল । প্ৰদূষিত পৰিৱেশৰ বাবেই পুৱাৰ শীতকো নেওচি এতিয়া এজাক বৰষুণৰ অপেক্ষাত সমগ্ৰ মহানগৰবাসী । চৌদিশে কেৱল ধূলিয়ে চানি ধৰিছে মহানগৰখনক । শ্বাস-প্ৰশ্বাসৰ ক্ষেত্ৰতো আহি পৰিছে বহু অসুবিধা । কিন্তু হ্ৰাস পোৱা নাই প্ৰদূষণ, একেই আছে গাড়ী-মটৰৰ সংখ্যা । অব্যাহত আছে নিৰ্মাণ কাৰ্য । তাৰেই মাজতেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই টুইটযোগে গুৱাহাটী পৌৰ নিগমলৈ জনালে এক পৰামৰ্শ ।

ডা০ অভিজিৎ শৰ্মাৰ টুইট অনুসৰি, বাট-পথ, গছ-গছনিত পানী ছটিয়াবলৈ প্ৰশাসনক অনুৰোধ জনাইছে জ্যেষ্ঠ চিকিৎসক গৰাকীয়ে । যাৰ ফলত ধূলিৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস পাব মহানগৰীত । ইয়াৰ ওপৰিও শ্বাস-প্ৰস্বাসৰ সমস্যাৰ বাবে বহু লোক চিকিৎসালয়ৰ ভৰ্তি হোৱা বুলিও উল্লেখ কৰে চিকিৎসক গৰাকীয়ে ।

উল্লেখ্য যে, বৰ্তমান গুৱাহাটীৰ এ কিউ আই ১২০, ইয়াৰ উপৰিও বায়ুমণ্ডলত থাকিব  লগীয়া ধূলিৰ পৰিমাণ প্ৰয়োজনতকৈ ৮.৬ শতাংশ অধিক ।

এতিয়া প্ৰশ্ন হয় এজাক বৰষুণৰ অপেক্ষাতেই ৰ'ব নেকি প্ৰশাসন নে নিজা ববীয়াকৈ কোনো সিদ্ধান্তত উপনীত হ'ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in