ৰাজ্যত পুনৰ ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী...

ৰাজ্যত পুনৰ ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী...
ৰাজ্যত পুনৰ ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী...

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ আৰক্ষীয়ে ড্ৰাগছ ব্যাৱসায়ীলৈ লক্ষ্য কৰি চলালে গুলী। এইবাৰ স্থান বৰপেটা ৰোড। জানিব পৰা মতে বৰপেটা ৰোডৰ মাজগাঁৱত সংঘটিত হৈছে এই ঘটনা।

গোৱৰ্দ্ধনা আৰক্ষীৰ গুলীত আহত হৈছে এটা ড্ৰাগছ ব্যৱসায়ী। আহত ড্ৰাগছ ব্যৱসায়ীটো বিছা মিঞা। আহত বিছা মিঞাৰ ঘৰ বৰপেটা ৰোডৰ ভালুকীগাঁৱত।

ইফালে আৰক্ষীৰ গুলীত আহত হোৱাৰ পিছতে বিছা মিঞাক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে আৰক্ষীৰ আন এক অভিযানত দুজন ড্ৰাগছ ব্যৱসায়ীৰ সৈতে বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।

আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুটা ইনামুল হক আৰু বিল্লাল হুছেইন। দুয়ো ড্ৰাগছ ব্যৱসায়ীয়ে এখন বেলেন' বাহনত কঢ়িয়াই আনিছিল ড্ৰাগছখিনি। আৰক্ষীয়ে ড্ৰাগছৰ সৈতে বেলেন' বাহনখনো জব্দ কৰিছে।

ৰাজ্যত পুনৰ ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী...
এটাৰ পাছত আনটো ভূমিকম্পই কপাই গৈছে তুৰস্ক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in