/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3d0347b7-1bbe-4d9b-82da-f50296439f62/AP_FOR_WEB_raging.jpg)
ডিজিটেল ডেস্কঃ বিদ্যালয়, মহাবিদ্যালয় আদিত ৰেগিং বন্ধ কৰিবলৈ বিভিন্ন সময়ত চৰকাৰ তথা প্ৰশাসনে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। তথাপিও বন্ধ হোৱা নাই একাংশ বিদ্যালয়, মহাবিদ্যালয়ত ৰেগিং।
ইয়াৰ মাজতে বুধবাৰে গুৱাহাটীত সংঘটিত হৈছে আন এক ৰেগিঙৰ ঘটনা। গীতানগৰৰ গুৰুকুল গ্ৰামাৰ স্কুলত ৰেগিঙৰ নামত একাংশ ছাত্ৰৰ উদ্ভণ্ডালি। কেৱল ইমানেই নহয়, ৰেগিঙৰ কবলত পৰা ছাত্ৰক উদ্ধাৰ কৰিবলৈ যোৱা পিতৃক প্ৰহাৰ কৰে একাংশ উদণ্ড ছাত্ৰই।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় একাদশ শ্ৰেণীৰ ছাত্ৰগৰাকীৰ পিতৃ গৰাকী। কিন্তু এই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। তাৰ পাছতে আজি এক সভা অনুষ্ঠিত কৰে বিদ্যালয় কৰ্তৃপক্ষই। এই সভাৰ অন্তত ৰেগিঙৰ লগত জড়িত ৭ গৰাকী ছাত্ৰক ৭ দিনৰ বাবে বৰ্খাস্ত কৰা বুলি জানিব পৰা গৈছে।
কেৱল ইমানেই নহয়, মহিলা সাংবাদিককো প্ৰহাৰ কৰাৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে । বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবে সাংবাদিকক প্ৰহাৰ কৰে বিদ্যালয় কৰ্তৃপক্ষই।ইয়াৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি। এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বিদ্যালয়খনত ৰেগিঙৰ ঘটনা সংঘটিত হৈ আহিছে।
এই ঘটনাৰ পাছতেই এতিয়া শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকল। তদুপৰি আৰক্ষী তথা প্ৰশাসনে এই ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।
Also Read: লিভ-ইন সম্পৰ্কঃ প্ৰেয়সীক হত্যা কৰি টুকুৰা-টুকুৰ কৰিলে মৃতদেহ, পিছত সিজালে কুকাৰত