ছাত্ৰীৰ বাবে ২% 'ঋতুস্ৰাৱৰ ছুটী'ৰ অনুমোদন গুৱাহাটী বিশ্ববিদ্যালয়ৰ

ছাত্ৰীৰ বাবে ২% 'ঋতুস্ৰাৱৰ ছুটী'ৰ অনুমোদন গুৱাহাটী বিশ্ববিদ্যালয়ৰ

author-image
Asomiya Pratidin
New Update
ছাত্ৰীৰ বাবে ২% 'ঋতুস্ৰাৱৰ ছুটী'ৰ অনুমোদন গুৱাহাটী বিশ্ববিদ্যালয়ৰ

ডিজিটেল ডেস্কঃ বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে গুৱাহাটী বিশ্ববিদ্য়ালয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। এতিয়াৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু ইয়াৰ অন্তৰ্গত প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ বাবে ঋতুস্ৰাৱৰ ছুটী অৰ্থাৎ (menstrual leave) প্ৰদান কৰা হ'ব।

Advertisment

উল্লেখ্য যে, শিক্ষা মন্ত্ৰালয় আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদত অনুমোদন সাপেক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপ জ্যোতি সন্দিকৈয়ে বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিভাগৰ লগতে সংযুক্ত মহাবিদ্যালয়সমূহৰ বাবে নূন্যতম শ্ৰেণী উপস্থিতিৰ ক্ষেত্ৰত ছাত্ৰীৰ বাবে ‘ঋতুস্ৰাৱৰ ছুটী’ হিচাপে ২% শিথিল কৰাৰ অনুমতি প্ৰদান কৰে। এতিয়াৰে পৰা ছেমিষ্টাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ছাত্ৰীৰ বাবে নূন্যতম শ্ৰেণী উপস্থিতি হ’ব ৭৩ শতাংশ।

উল্লেখ্য যে, এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০২৩ - ২৪ বৰ্ষৰ তৰফৰ পৰা স্মাৰক প্ৰদান কৰা হৈছিল। এই স্মাৰকৰ প্ৰতি সঁহাৰি জনাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

Also Read: বন ধ্বংসৰ বুজ ল'বলৈ যোৱা এবছুৰ দল-সাংবাদিকক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ

guwahati university