মহানগৰীৰ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ টকা...

মহানগৰীৰ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ টকা...

ডিজিটেল ডেস্ক : ড্ৰাগছৰ পিছত এইবাৰ বৃহৎ পৰিমাণৰ টকা জব্দ মহানগৰীৰ ৰে’ল ষ্টেচনত। প্রায় ৫০ লাখ টকা উদ্ধাৰ কৰা হৈছে গুৱাহাটীৰ ৰে’ল ষ্টেচনত। ৰে’ল আৰক্ষীয়ে জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ টকা।

ৰাজধানীযোগে সৰবৰাহ কৰিছিল বিশাল পৰিমাণৰ ধনখিনি । চৰকাৰী ৰে’ল আৰক্ষীৰ অভিযানত জব্দ কৰা উক্ত ধন। উল্লেখ্য যে, জি আৰ পিৰ অ'চি প্রসেনজিৎ দাসৰ নেতৃত্বত চলা এক অভিযান এই ধনৰাখি জব্দ কৰা হয়।

লগতে এই অভিযানকালত আটক কৰা হয় দুই সৰবৰাহকাৰীক। দুয়োকে বৰ্তমান জেৰা অব্যাহত আৰক্ষীয়ে। আৰক্ষীৰ সন্দেহ এয়া কোনো ছিণ্ডিকেটৰ ধন হ’ব পাৰে। আৰক্ষীক পূৰ্ণ পৰ্যায়ৰ তদন্তৰ পাছতহে সঠিক তথ্য পোহৰলৈ আহিব।

মহানগৰীৰ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ টকা...
যন্তৰ-মন্তৰত ১৮ দিনৰ দিনাও অব্যাহত আছে মল্লযোদ্ধাসকলৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in