জটিল ৰোগত আক্ৰান্ত সমাজসেৱিকা প্রণামিকা শৰ্মাক সহায়ৰ প্ৰয়োজন

জটিল ৰোগত আক্ৰান্ত সমাজসেৱিকা প্রণামিকা শৰ্মাক সহায়ৰ প্ৰয়োজন

author-image
Asomiya Pratidin
New Update
জটিল ৰোগত আক্ৰান্ত সমাজসেৱিকা প্রণামিকা শৰ্মাক সহায়ৰ প্ৰয়োজন

ডিজিটেল সংবাদ, গুৱাহাটী: গুৱাহাটীৰ পানীখাইতীস্থিত ছহিদ কুশল কোঁৱৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা ষ্টেটপুল শিক্ষক সন্থাৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি, সমাজসেৱিকা প্রণামিকা শৰ্মা বৃক্কৰ ৰোগত আক্রান্ত হৈ আছে। বর্তমান তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে।

Advertisment

কিন্তু প্ৰণামিকা শৰ্মাৰ উন্নত চিকিৎসাৰ বাবে বহু পৰিমাণৰ ধনৰ প্ৰয়োজন। বৰ্তমান ধনৰ অভাৱত শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালে উপযুক্ত চিকিৎসা প্রদান কৰিব পৰা নাই। অতি অমায়িক তথা সুঘোষিকা হিচাপেও পৰিচিত প্ৰণামিকা শৰ্মাৰ বৃদ্ধ সংৰোপণৰ বাবে প্ৰয়োজন হোৱা ধনৰাশি যোগাৰ কৰিব নোৱাৰি দিশহাৰা হৈ পৰিছে শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়াল।

চিকিৎসকে শীঘ্ৰে শিক্ষয়িত্ৰীগৰাকীক বৃক্ক সংৰোপণৰ পৰামর্শ দিছে। সেয়েহে মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শৰ্মা আৰু অসমবাসী ৰাইজৰ সহায় বিচাৰিছে প্ৰণামিকা শৰ্মা আৰু তেওঁৰ পৰিয়াল।

প্ৰণামিকা শৰ্মাৰ সহায়ৰ বাবে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বোন্দা শাখাৰ আই এফ এচ চি এচ বি আই এন০০১৮০৬৬, একাউণ্ট নম্বৰ- ২০০০১৬৭৭২৮৮ (IFSC SBIN0018066 A/C No- 20001677288)ত ইচ্ছুক লোকে সাহায্য দিব পাৰিব অথবা ৮৬৩৮০৬৬৩০৯ নম্বৰত জি-পেৰ জৰিয়তেও দিব পাৰিব আর্থিক সাহায্য। এটা সন্তানৰ মাতৃ প্ৰণামিকা শৰ্মাৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে মুখ্যমন্ত্রীকো অনুৰোধ জনাইছে স্বামী তপন শৰ্মাই।

Also Read: দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সচিবক নিযুক্তিৰ প্ৰতিবাদত ৰাইজৰ ধৰ্ণা

health