দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সচিবক নিযুক্তিৰ প্ৰতিবাদত ৰাইজৰ ধৰ্ণা

দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সচিবক নিযুক্তিৰ প্ৰতিবাদত ৰাইজৰ ধৰ্ণা

ডিজিটেল সংবাদ, ঢকুৱাখনা: চৰকাৰী আঁচনিৰ বিপৰীতে লুণ্ঠনৰ মুকলি বেহা মেলা এগৰাকী বিতৰ্কিত পঞ্চায়ত সচিবৰ বিৰুদ্ধে বুধবাৰে গণ প্ৰতিবাদ সাব্যস্ত হ'ল ঢকুৱাখনাত। ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিমৰুগুৰি পঞ্চায়তত লখিমপুৰ জিলা পৰিষদৰ জেদ পি এল ২০৬৩ / ই এছ এছ টি টি / আৰ অ ২০২০-২০২১/১২১নম্বৰ নিৰ্দেশ যোগে কৰ সংগ্ৰাহক দীপালি পাতিৰক অস্থায়ী ভাৰপ্ৰাপ্ত সচিব হিচাবে নিযুক্তি দিছে।

পঞ্চায়তখনৰ নাগৰিক আৰু মিচিং জাতীয় সংগঠন সমূহে এই গৰাকী দুৰ্নীতি পৰায়ন ভাৰপ্ৰাপ্ত সচিবক গাঁও পঞ্চায়তৰ কাৰ্যালয়ত নিযুক্তি দিয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। ৰাইজৰ দাবী ২০২০-২০২১ বৰ্ষত ভাৰপ্ৰাপ্ত সচিব হিচাবে কাৰ্যনিৰ্বাহ কৰি পূৰ্বৰ কাৰ্যকালত পাতিৰে কমিছনৰ বিনিময়ত নীতি বৰ্হিভূতভাৱে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সৃষ্টি কৰা, চতুৰ্দশ বিত্তীয় আয়োগৰ বিশাল পুঁজি নিজৰ আত্মীয়ৰ নামত 'ভেণ্ডৰ' খুলি সভাপতিৰ অজ্ঞাতে উদৰস্থ কৰা, নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিক অৱজ্ঞা কৰি স্বেচ্ছাচাৰীতাৰে কম কাজ চলোৱা আদি সীমাহীন অভিযোগ আছে পাতিৰৰ বিৰুদ্ধে।

ৰাইজৰ প্ৰৱল প্ৰতিবাদৰ পাছত পাতিৰক বদলি কৰাৰ পিছত পুনৰ দুৰ্নীতিৰ বেহা মেলিবলৈ পঞ্চায়তখনত নিযুক্তি দিয়াত ৰাইজ আকৌ সোচ্চাৰ হৈ উঠিছে। বুধবাৰে এই নিযুক্তিৰ নিৰ্দেশ বাতিলৰ দাবী আৰু এগৰাকী সৎ আৰু নিকা ভাৱমূৰ্ত্তিৰ সচিব নিযুক্তিৰ দাবীত ৰাইজ আৰু জাতীয় সংগঠন একত্ৰিত হৈ সবল প্ৰতিবাদ সাব্যস্ত কৰে।

পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত ৰাইজ আৰু টাকাম মিচিং পৰিণ কৌবাং, মিচিং মিমাগ কৌবাং, টাকাম মিচিং মিমে কৌবাংৰ ঢকুৱাখনা জিলা আৰু ডিমৰুগুৰি আঞ্চলিক সমিতিৰ গৰিষ্ঠ সংখ্যক কৰ্মকর্তা সমবেত হয় স্থানীয় বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত। "নৱ দলে মূর্দাবাদ", "গ্ৰামোন্নয়ন মন্ত্ৰী হুচিয়াৰ", "দুৰ্নীতিগ্ৰস্ত দীপালি পাতিৰ গ' বেক", "আমাক লুণ্ঠনকাৰী দীপালি পাতিৰক নালাগে" , "অনিয়মৰ নায়িকা দীপালি পাতিৰ গ'বেক", "পূৰ্ণকালীন সচিব নিযুক্তি দিয়ক" আদি শ্লোগান সম্বলিত প্লে'কার্ড হাতে হাতে লৈ ৰাইজে স্বতঃস্ফূৰ্ত প্ৰতিবাদ সাব্যস্ত কৰে।

সুদীৰ্ঘ সময় শ্লোগান দি চৌহদ উত্তাল কৰি পাছত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি কোনো কাৰণতে দুৰ্নীতি পৰায়ন ভাৰপ্ৰাপ্ত সচিব দীপালি পাতিৰৰ নিযুক্তি মানি নোলোৱাৰ হুংকাৰ দিয়ে ৰাইজে। বিধায়ক নৱ দলেৰ ছত্ৰছাঁয়াত নিযুক্তি লৈ চৰকাৰী পুঁজি উদৰস্থ কৰিবলৈ পুনৰ পঞ্চায়তখনলৈ উভতি অহা পাতিৰক তৎকালে বদলি নকৰিলে অনাগত সময়ত ৰাইজৰ সহযোগত ধাৰাবাহিক গণতান্ত্ৰিক সংগ্ৰামৰ পাতনি মেলাৰ সকীয়নী দিয়ে।

ৰাইজৰ নেতৃত্বই এই ক্ষেত্ৰত জিলা আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষযাৰ হস্তক্ষেপৰ দাবী জনায় আৰু পঞ্চায়ত কাৰ্যালয়ত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। পাছত এখন প্ৰতিবাদী সভাও প্ৰতিবাদথলীত অনুষ্ঠিত কৰি শীঘ্ৰে এই নিযুক্তি বাতিলৰ দাবী উত্থাপন কৰে ।

দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সচিবক নিযুক্তিৰ প্ৰতিবাদত ৰাইজৰ ধৰ্ণা
কলিয়াবৰত মৰাপাট পৰিবাহী ট্ৰাকত অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in