/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d33fe540-9dc2-4d7e-9ee1-d6ff1aa1fc5a/airport_new.jpg)
গুৱাহাটী বিমানকোঠ
ডিজিটেল সংবাদ, পলাশবাৰীঃ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমামকোঠত, যাত্ৰী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি, বিমানকোঠ কতৃপক্ষই নিতৌ-নতুন সেৱাৰ আঁচনী প্ৰণয়ণ কৰি আহিছে । যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পৰা পুনৰ এক সেৱা প্ৰৱৰ্তন কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ।
আজিৰে পৰা যাত্ৰীসকলৰ বাবে গৰম খাদ্যৰ প্ৰস্তুত কৰি, সুন্দৰ আৰু নিৰ্ভৰযোগ্য পেকিংৰ সহায়ত যাত্ৰীসকলক প্ৰদান কৰাৰ সেৱা আৰম্ভ কৰিছে
বিমানকোঠ কতৃপক্ষই । উল্লেখযোগ্য যে, যাত্ৰাৰ বাবে দূৰ-দূৰণীৰ পৰা বিমানকোঠলৈ অহা যাত্ৰীসকলে কেতিয়াবা ততাতৈয়াকৈ চিকিউৰিটি চেকিং কৰি সুৰক্ষা কক্ষলৈ গুচি যাব লগাত পৰে। খাদ্য খোৱাৰ বাবে তেওঁলোকৰ ওচৰত সময় নাথাকে।
সেইবাবে বিমানকোঠ কতৃপক্ষই সতেজ আৰু সুস্বাদু গৰম খাদ্যৰ টোপোলাসমূহ এখন নিৰ্দিষ্ট ট্ৰ'লীৰ ওপৰত লৈ তেনে যাত্ৰীসমূহক সকাহ দিয়ে। যাতে তেওঁলোকে সেই টোপোলাটো সহজে ক্ৰয় কৰি লৈ গৈ বিমানৰ ভিতৰত পৰিৱেশন কৰিব পাৰে। যাৰ ফলত যাত্ৰীয়ে সকাহ লাভ কৰিব ।
Also Read: ফচল বীমা আঁচনি ৰূপায়নত শীৰ্ষত অসম...