ফচল বীমা আঁচনি ৰূপায়নত শীৰ্ষত অসম...

ভাল খবৰ আহিছে ৰাজ্যৰ কৃষকসকললৈ ৷ ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যান মন্ত্ৰনালয়ৰ অধীনত সমগ্ৰ দেশতে ৰূপায়িত হৈ থকা এখন আঁচনি হ’ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা

author-image
Asomiya Pratidin
New Update
ফচল বীমা আঁচনি ৰূপায়নত শীৰ্ষত অসম...

প্ৰথম স্থানৰ প্ৰমানপত্ৰ

ডিজিটেল ডেস্কঃ ৰাজ্য়বাসীলৈ এটি ভাল খবৰ ৷ ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যান মন্ত্ৰনালয়ৰ অধীনত সমগ্ৰ দেশতে ৰূপায়িত হৈ থকা এখন আঁচনি হ’ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ।

Advertisment

বানপানী, খৰাং, গৰা খহনীয়া আদিৰ দৰে প্ৰাকৃতিক দুৰ্য্যোগ তথা অনিষ্টকাৰী পোক-পৰুৱা আৰু বেমাৰ আজাৰ আদিৰ আক্ৰমণ আদিৰ বাবে হব পৰা সম্ভাব্য ক্ষয়-ক্ষতিৰ বিপৰীতে কৃষকক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে বিগত কিছু বছৰ ধৰি এই আঁচনিখন সমগ্ৰ দেশৰ লগতে অসমতো ৰূপায়ণ কৰা হৈছে । এই আঁচনি ৰূপায়ত সফালতা লাভ কৰিছে ৰাজ্য চৰকাৰ ৷

জাননীকৃত কেতবোৰ শস্য বীমাকৰণৰ জৰিয়তে ইতিমধ্যে ৰাজ্যখনৰ বুজন সংখ্যক কৃষকে এই আঁচনিৰ অধীনত আৰ্থিক সকাহ লাভ কৰিছে ।

ৰাজ্যখনৰ বাবে সুখৰ বতৰা এই যে ২০২২ চনৰ খাৰিফ বতৰৰ বেলিকা আঁচনিখন ৰূপায়নৰ ক্ষেত্ৰত দেখুওৱা উল্লেখযোগ্য পাৰদৰ্শিতাৰ বাবে অসমে দেশৰ A2 শ্ৰেণীভূক্ত প্ৰদেশসমূহৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছে।

যোৱা ১৪ এপ্ৰিল তাৰিখে চট্টিশগড়ৰৰ ৰায়পুৰত অনুষ্ঠিত হৈ যোৱা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অভিবৰ্তনত এই বঁটা প্ৰদান কৰা হয় । অসম চৰকাৰৰ হৈ এই বঁটা গ্ৰহণ কৰে নডেল বিষয়া মকিবুৰ ৰহমানে । এই খবৰে ৰাজ্যৰ কৃষকসকলক উৎফুল্লিত কৰি তুলিছে ৷

Also Read: দুই মুখ্যমন্ত্ৰীৰ সপোনক তিনি ঠিকাদাৰৰ চেঁচা পানী ঢলাৰ অভিযোগ...

ফচল বীমা আঁচনি