'জিএমচিএইচ'ত ওলাইছে চোৰ

এইবাৰ জিএমচিএইচত ওলাইছে চোৰ। জিএমচিএইচ ত ৰোগীৰ পৰা চোৰে চুৰ কৰিলে ধন।

author-image
Asomiya Pratidin
New Update
'জিএমচিএইচ'ত ওলাইছে চোৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰোগীৰ বাবে নিৰাপদ নহয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল। এইবাৰ জিএমচিএইচত ওলাইছে চোৰ। চিকিৎসালয়ত ৰোগীৰ পৰা চোৰে চুৰ কৰিলে ধন। ৰোগীৰ পৰা ৩০ হাজাৰ টকা লৈ উধাও হ'ল চোৰ ।

Advertisment

উল্লেখযোগ্য যে ২৮ ফ্ৰেব্ৰুৱাৰীৰ পৰা GMCH ত ভৰ্তি হৈ থকা বিশ্বনাথ চাৰিআলিৰ পবিত্ৰ গোৱালা নামৰ লোকজনৰ পৰা ৩০ হাজাৰ টকা লুটি নিলে চোৰে । মাটি সম্পত্তি বিক্ৰী কৰি অস্ত্ৰোপচাৰৰ বাবে আহিছিল ৰোগীজন। ডাইব্ৰেটিছ ৰোগী আছিল প্ৰবিত্ৰ গোৱালা । বুধবাৰে হ'বলগা অস্ত্ৰোপ্ৰচাৰৰ বাবে ৰাখিছিল টকা খিনি। এতিয়া উপায়হীন হৈ পৰিছে ৰোগীৰ পৰিয়ালটো । ঘটনা সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে ভোক্তভোগী পৰিয়ালটোৱে।

Also Read: বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত এজন

gmch