বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত এজন

ROAD ACCIDENT
ROAD ACCIDENT

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতৰ অসম ৰাজ্যিক পৰিবহন নিগম আস্থানৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাজপথত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰিলে এখন বুলেটে ৷ উল্লেখযোগ্য যে বুলেটখনত থকা তিনি আৰোহী গুৰুতৰভাৱে আহত হয় ৷ আহত তিনিওকে ততাতৈয়াকৈ বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

ভৰ্তি কৰোৱা পিছতেই চিকিৎসালয়ত মৃত্যু হয় বুলেটৰ চালকৰ আসনত থকা পাপুল গগৈ ৷ নিহত পাপুল গগৈৰ ঘৰ গোলাঘাট বৰপথাৰত ৷ আহত দুজনৰ এজনৰ নাম পবিত্ৰ বৰা ৷ গুৰুতৰভাৱে আহত আনজনৰ নাম এইপৰ্যন্ত জানিব পৰা হোৱা নাই ৷ তিনিও বোকাখাত কাৰিকৰী প্ৰতিষ্ঠানৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 02 CC 7827 আৰু বুলেটখনৰ নম্বৰ AS 05 S 8475 ৷ পবিত্ৰ বৰাৰ ঘৰ কাৰ্বি আংলঙৰ ডিফুত বুলি জানিব পৰা গৈছে ৷ যানবাহন আইন উলংঘা কৰি বাইক চলাইছিল কাৰিকৰী প্ৰতিষ্ঠানৰ ছাত্ৰকেইজনে।

ROAD ACCIDENT
হোজাইত অব্যাহত আছে সুদখোৰৰ উপদ্ৰপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in