ৰোগীৰ পৰা ধন সংগ্ৰহৰ অভিযানত নামিছে GMCH ৰ কৰ্মচাৰীঃ দালালৰ সৈতে ৱাৰ্ডবয় গ্ৰেপ্তাৰ...

ৰোগীৰ পৰা ধন সংগ্ৰহৰ অভিযানত নামিছে GMCH ৰ কৰ্মচাৰীঃ দালালৰ সৈতে ৱাৰ্ডবয় গ্ৰেপ্তাৰ...
ৰোগীৰ পৰা ধন সংগ্ৰহৰ অভিযানত নামিছে GMCH ৰ কৰ্মচাৰীঃ দালালৰ সৈতে ৱাৰ্ডবয় গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত হ্ৰাস পোৱা নাই দালালৰ দপদপনি। চিকিৎসালয়খনৰ একাংশ কৰ্মচাৰীয়ে দালালৰ সহযোগত ৰোগীৰ পৰা বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ নামত সংগ্ৰহ কৰি আছে বুজন পৰিমাণৰ ধন।

বিশেষকৈ চিকিৎসালয়খনলৈ নতুনকৈ অহা ৰোগী আৰু ৰোগীৰ আত্মীয়ই চিকিৎসালয়খনৰ সম্পৰ্কে বিশেষ জ্ঞান নথকাৰ সুযোগ গ্ৰহণ কৰি আহিছে এইসকল দালাল তথা অসৎ উপায়েৰে ধন সংগ্ৰহত নমা কৰ্মচাৰীয়ে।

আজি জি এম চি এইছত অধীক্ষকৰ কাৰ্যালয়তে তেনে এজন দালালক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা দালালটোৰ নাম নৱদীপ বৰা।

আনহাতে দালালটোক সহযোগ কৰা আন জি এম চি এইছৰ এজন কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে। এই দালালটোৱে এজন ৰোগীৰ পৰা পৰীক্ষাৰ নামত লৈছিল ১০ হাজাৰকৈ টকা।

এই সন্দৰ্ভত পৰৱৰ্তী সময়ত ৰোগীজনে অধীক্ষকৰ কাৰ্যালয়ত অভিযোগ দিয়াৰ পিছতে অধীক্ষক অভিজিৎ শৰ্মাৰ তৎপৰতাত গ্ৰেপ্তাৰ কৰা হয় দালালটোক।

উল্লেখ্য যে, দালাল নৱদীপৰ লগতে গ্ৰেপ্তাৰ কৰা কৰ্মচাৰীজনৰ নাম বাণীকান্ত দাস। গ্ৰেপ্তাৰ হোৱা বাণীকান্ত জি এম চি এইছৰ ৱাৰ্ড বয়। জানিব পৰা মতে হেমাট’লজী বিভাগৰ পৰা দালালটোৱে যোৱা ৭ ফেব্ৰুৱাৰীত সংগ্ৰহ কৰিছিল ধনখিনি।

অভিযোগ উত্থাপন হৈছে এই দালাল চক্ৰটোৰ সৈতে আৰু বহু লোক জড়িত আছে। অভিযোগৰ আঙুলি গৈছে জি এম চি এইছৰ জ্যেষ্ঠ চিকিৎসকলৈও।

আৰক্ষীৰ সঠিক তদন্ত তথা অনুসন্ধানত এই চক্ৰটোৰ লগত জড়িত আন আন দালাল, কৰ্মচাৰী তথা চিকিৎসক জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ৰোগীৰ পৰা ধন সংগ্ৰহৰ অভিযানত নামিছে GMCH ৰ কৰ্মচাৰীঃ দালালৰ সৈতে ৱাৰ্ডবয় গ্ৰেপ্তাৰ...
অনুকম্পামূলক নিযুক্তিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in