অনুকম্পামূলক নিযুক্তিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা...

অনুকম্পামূলক নিযুক্তিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা...

author-image
Asomiya Pratidin
New Update
অনুকম্পামূলক নিযুক্তিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা...

অনুকম্পামূলক নিযুক্তিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা...

ডিজিটেল ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গোচৰৰ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰলৈ এক বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে। অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা এই নতুন নিৰ্দেশনাত কোৱা হৈছে যে, ২০১৭ চনলৈকে নিযুক্তিৰ পৰা বঞ্চিত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

অসম চৰকাৰলৈ এই নিৰ্দেশনা প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে ২০১৫ চনত সেই সময়ৰ শাসনাধিস্ত চৰকাৰে অনুকম্পামূলক নিযুক্তিৰ ব্যৱস্থা বাতিল কৰিছিল।

যাৰ বাবে পৰৱৰ্তী সময়ত ১৭ গৰাকীকৈ নিযুক্তিৰ পৰা বঞ্চিত প্ৰাৰ্থী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ন্যায়ালয়ে এই সম্পৰ্কত দীৰ্ঘদিন ধৰি শুনানি গ্ৰহণ কৰি আজি এই নিৰ্দেশনা প্ৰদান কৰিছে।

Also Read: সংগীত শিল্পী অপূৰ্ব বেজবৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন

গুৱাহাটী উচ্চ ন্যায়ালয় অনুকম্পামূলক নিযুক্তি