/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/921a8bc2-e6a9-4f28-ae24-d84dd3b985aa/gmc.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ গুৱাহাটী পৌৰ নিগমৰ অভিযান। স্বাধীনতা দিৱসৰ পূৰ্বে কটন বিশ্ববিদ্যালয় সন্মুখৰ লগতে মহানগৰীৰ বিভিন্ন ৰাজপথৰ বিপনীসমূহত অভিযান চলোৱাৰ পিছত এইবাৰ গুৱাহাটী পৌৰ নিগমৰ অভিযান অবৈধ মাছ-মাংসৰ দোকানৰ বিৰুদ্ধে।
ভৰলুমুখ, ভূতনাথ, কামাখ্যা গেট, পাণ্ডুৰ বিভিন্ন অঞ্চলত চলিছে অভিযান। মুঠ ৬১খন দোকানৰ বিৰুদ্ধে অভিযান চলালে গুৱাহাটী পৌৰ নিগমে।
এই অভিযানত বহু বিপণীৰ অনুজ্ঞাপত্র বাতিল কৰিলে গুৱাহাটী পৌৰ নিগমে। জানিব পৰা মতে, অবৈধ বিপণীৰ বিৰুদ্ধে ৩২,৫০০ টকা পৰ্যন্ত জৰিমান বিহিলে গুৱাহাটী পৌৰ নিগমে।
Also Read: বঙাইগাঁৱত চুৰিৰ আঘাতত এজনৰ মৃত্যু
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us