বঙাইগাঁৱত চুৰিৰ আঘাতত এজনৰ মৃত্যু

বঙাইগাঁৱত চুৰিৰ আঘাতত এজনৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
বঙাইগাঁৱত চুৰিৰ আঘাতত এজনৰ মৃত্যু

ডিজিটেল সংবাদ, সৰভোগঃ বুধবাৰে ৰাতিপুৱা বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোনাইকোলাত চুৰিৰ আঘাতত এজনৰ থিতাতে মৃত্যু। মৃত ব্যক্তিজন ২ নং কাৱাদীৰ (সোনাইকোলা) ৰ শুকুৰ আলী বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স ৫০ বছৰ।

Advertisment

৩২ বছৰীয়া আব্দুল গোফুৰে চুৰিৰে আঘাত কৰে শুকুৰ আলীক। আব্দুল গোফুৰৰ ঘৰ অভয়াপুৰী থানাৰ অন্তৰ্গত আমবাৰীত কিন্তু কৰ্ম সূত্ৰে চিৰাং জিলাৰ কাজল গাওঁত। উল্লেখ্য যে, এই ঘটনাত আব্দুল গোফুৰো গুৰিতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ ৰহস্য এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সংঘটিত হোৱাৰ পিছত দুয়োকে মাণিকপুৰ আদৰ্শ মহাত্মাগান্ধী চিকিৎসালয়ত আনে যদিওঁ শুকুৰ আলীক ডাক্তৰে মৃত বুলি ঘোষনা কৰে।

আব্দুল গোফুৰক প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে মাণিকপুৰ আৰক্ষীৰ তত্ত্বাৱধানত বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।মৃত ব্যক্তি গৰাকীৰ মৰোনত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে।

ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তত কি পোহৰলৈ আহে সেয়া লক্ষনীয় হ'ব ।

Also Read: দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সচিবক নিযুক্তিৰ প্ৰতিবাদত ৰাইজৰ ধৰ্ণা

assampolice