৩মাহ ধৰি সন্ধানহীন ডি জে ডিয়নী

গুৱাহাটী মহানগৰীৰ পৰা নিখোজ এগৰাকী ডি জে। ৩মাহ ধৰি সন্ধান নাই ডি জে ডামিনী ভাযাংকাৰ।

author-image
Asomiya Pratidin
New Update
৩মাহ ধৰি সন্ধানহীন ডি জে ডিয়নী

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ পৰা নিখোজ এগৰাকী ডি জে। ৩মাহ ধৰি সন্ধান নাই ডি জে ডামিনী ভাযাংকাৰ। ২০২৩ৰ ১৩ ডিচেম্বৰত হঠাৎ বন্ধ হৈ পৰে ডামিনীৰ মোবাইল ফোন । বিগত ৩মাহে সকলো সামাজিক মাধ্যমৰ পৰাও বিচ্ছিন্ন হৈ আছে ডি জে ডিয়নী । খ্রীষ্টানবস্তিৰ ৰাঙলী এপাৰ্টমেণ্টত পৰিয়ালৰ সৈতে বাস কৰিছিল ডি জে গৰাকীয়ে।

Advertisment

এপাৰ্টমেণ্টৰ আবাসীয়ে ডি জে গৰাকীক দেখা নোপোৱাৰ বাবে পৰিয়ালৰ ওচৰত খবৰ লয়। কিন্তু পৰিয়ালে ডি জে গৰাকী সুস্থ থকা বুলি কৈ আবাসীসকলক খেদি পঠিওৱাৰ অভিযোগ উত্থাপন কৰে।

ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত অবাসীসকলে ডিজে গৰাকীৰ সন্ধানহীনৰ এক গোচৰ ৰুজু কৰিছে। কিন্তু আৰক্ষীয়ে কোনো তদন্ত নকৰাৰ অভিযোগ উত্থাপিত কৰিছে। যদিও এই পৰ্যন্ত ডি জে ডিয়নীৰ কোনো সম্ভেদ পোৱা নাযায়।

Also Read: ইন্দ্ৰানুজ সোনোৱালৰ মুগা পালনত ৩৫ বছৰীয়া যাত্ৰা

missing case guwahati