ইন্দ্ৰানুজ সোনোৱালৰ মুগা পালনত ৩৫ বছৰীয়া যাত্ৰা

ইন্দ্ৰানুজ সোনোৱালৰ মুগা পালনত ৩৫  বছৰীয়া যাত্ৰা

ডিজিটেল সংবাদ, বোকাখাতঃ উত্তৰ পূৰ্বাঞ্চলৰ সূতা আৰু বস্ত্ৰ শিল্পৰ ইতিহাসত এক সুকীয়া স্থান থকা মুগা শিল্পৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে খুমটাই উপ-জিলাৰ কমাৰগাঁৱৰ সোনাৰী চাপৰিৰ এজন কৃষক তথা মুগা পালকে।

এই প্ৰাচীন আপুৰুগীয়া শিল্পৰে কেৱল স্বাৱলম্বিতাই নহয় শিল্পটোৰ সংৰক্ষণ , পুনৰ প্ৰসাৰ আৰু আৰু নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিবলৈও চেষ্টা অব্যাহত ৰখা এইজন উদ্যমী মুগা পালক ইন্দ্ৰানুজ সোনোৱাল। কমাৰগাঁৱৰ সোনোৱাল গাঁৱৰ ইন্দ্ৰানুজ সোনোৱালে বিগত ৩৫ বছৰে নিৰৱচ্ছিন্নভাৱে মুগা পালন কৰি এজন স্বাৱলম্বী কৃষকৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ উপৰিও এটি প্ৰাচীন ঐতিহ্যৰ ধাৰাবাহিকতা ৰক্ষা কৰাত আগবঢ়াইছে বিশেষ বৰঙনি।

বহু সমস্যা আৰু প্ৰত্যাহ্বান নেওচি বছৰৰ প্ৰতিটো মাহেই মুগা পালনত ব্যস্ত থকা ইন্দ্ৰানুজ সোনোৱালে মুগা পলু পালন কৰি বছৰি উপাৰ্জন কৰিছে ২ ৰ পৰা ৩ লাখ টকা।নিজৰ এক বিঘা ভূমিত চোম গছ ৰোপণ কৰি সম্প্ৰতি 'জাৰুৱা' মুগা পালনত ব্যস্ত এইগৰাকী মুগা পালকে এনেদৰে বছৰি হাজাৰ হাজাৰ মুগাৰ 'বাঁহ' উৎপাদন কৰিবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিছে।লগতে শিক্ষিত নতুন প্ৰজন্মক চাকৰিৰ পাছত দৌৰি নাথাকি মুগা পলু পালনত জড়িত হবলৈ আহ্বান জনাইছে এইগৰাকী মুগা পালকে।

ইফালে বতাহ-বৰষুণৰ লগতে আন প্ৰাকৃতিক দুৰ্যোগৰ উপৰিও উপৰ্যুপৰি বন্যহস্তীৰ উপদ্ৰৱৰ ফলত প্ৰায়ে লোকচানৰ সন্মুখীন হ’বলগীয়া হয় যদিও চৰকাৰ তথা নুমলীগড় খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ পৰা বিশেষ সহযোগ লাভ নকৰাৰ অভিযোগ এইগৰাকী মুগা পালক ইন্দ্ৰানুজ সোনোৱালৰ।

উল্লেখযোগ্য যে এইজন আদৰ্শ কৃষক ইন্দ্ৰানুজ সোনোৱালে মুগা , পাত আৰু এৰি পলু পালন কৰাৰ উপৰিও বিভিন্ন খেতি , গো-পালন আৰু ছাগলী পালন কৰিও দাঙি ধৰিছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন।

ইন্দ্ৰানুজ সোনোৱালৰ মুগা পালনত ৩৫  বছৰীয়া যাত্ৰা
ফিল্মফেয়াৰৰ মঞ্চত উজলিল 'লাচিত দ্য ৱাৰিয়ৰ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in