বাণিজ্যৰ স্নাতক পৰীক্ষাত প্ৰথম ৪টা স্থানত গুৱাহাটী কমাৰ্চ কলেজ

বাণিজ্যৰ স্নাতক পৰীক্ষাত প্ৰথম ৪টা স্থানত গুৱাহাটী কমাৰ্চ কলেজ

author-image
Asomiya Pratidin
New Update
বাণিজ্যৰ স্নাতক পৰীক্ষাত প্ৰথম ৪টা স্থানত গুৱাহাটী কমাৰ্চ কলেজ

ডিজিটেল ডেস্ক : বাণিজ্য শিক্ষাৰ ক্ষেত্ৰত অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান গুৱাহাটী কমাৰ্চ কলেজে এইবাৰো পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে। শেহতীয়াকৈ ফলাফল ঘোষিত উচ্চতৰ মাধ্যমিকত পূৰ্বৰ দৰে ফলাফল দেখুৱাব পৰা নাছিল যদিও স্নাতক ষষ্ঠ ষাণ্মাষিকৰ ফলাফলত ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানক চেৰ পেলাবলৈ সক্ষম হৈছে মহাবিদ্যালয়খন।

Advertisment

উল্লেখযোগ্য যে এই ফলাফলত প্ৰথম শ্ৰেণীৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰি আন সকলো শিক্ষানুষ্ঠানকে চেৰ পেলাইছে গুৱাহাটী কমাৰ্চ কলেজে। উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ শিক্ষাৰ্থী কৃষ্ণ মহেশ্বৰীয়ে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিছে। তেওঁ চি জি প এ ৯.৫৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে দ্বিতীয় স্থান লাভ কৰিছে গকুল শৰ্মাই, তেওঁৰ চি জি পি এ হৈছে ৯.৩৮ আৰু যুটীয়াভাৱে প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে হৰপ্ৰীত কৌৰ আৰু ছাজিনা খাতুনে। দুয়োৰে চি জি পি এ ৯.৩১ । কেউগৰাকী শিক্ষাৰ্থীকে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ হোমেশ্বৰ কলিতাৰ লগতে আন আন শিক্ষক-কৰ্মচাৰীয়ে অভিনন্দন জ্ঞাপন কৰে। উক্ত ৪ কৃতি শিক্ষাৰ্থীৰ অনাগত ভৱিষ্যতৰ বাবে অধ্যক্ষ কলিতাই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে।

Also Read: ১০টাৰে ৫টা ৰবিচন্দ্ৰন অশ্বিনৰ নামত : স্পীনাৰৰ ছুনামীত বিধ্বস্ত ৱেষ্ট-ইণ্ডিজ

result