হিমন্ত বিশ্ব শৰ্মাৰ জালত মই ভৰি নিদিও : নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন

ৰাজীৱ ভৱনত গৌৰৱ-ৰকিবুল আৰু প্ৰদ্যুৎ বৰদলৈক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
হিমন্ত বিশ্ব শৰ্মাৰ জালত মই ভৰি নিদিও : নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন

ডিজিটেল ডেস্ক : হিমন্ত বিশ্ব শৰ্মাৰ জালত মই ভৰি নিদিও, মোৰ জালতহে ভৰি দিব লাগিব হিমন্ত বিশ্বই - শুকুৰবাৰে এইদৰে মন্তব্য কৰে নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে। লগতে কয় তেঁও কয় যে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ মুখত এনে বেজাৰ কেতিয়াও দেখা নাই। তেঁও গম পাইছে যে ২০২৬ৰ আগেয়ে তেঁওৰ গাদী যাব।

Advertisment

উল্লেখযোগ্য যে শুকুৰবাৰে গুৱাহাটীস্থিত ৰাজীৱ ভৱনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা বিজয়ী হোৱা অসমৰ সাংসদসকলৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক দলৰ নেতৃবৰ্গই সম্বৰ্ধনা জ্ঞাপন কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত যোৰহাটৰ পৰা গৌৰৱ গগৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। একদৰে ধুবুৰীৰ পৰা জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু নগাঁও সমষ্টিৰ পৰা প্ৰদ্যুৎ বৰদলৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

এই কেউগৰাকী নৱ নিৰ্বাচিত সাংসদক আজি দলৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰে। অভিনন্দন গ্ৰহন কৰি সাংসদ ৰকিবুল হুছেইনে কয়- 'আমাক এনেদৰে সম্বৰ্ধনা জনোৱাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় বিষয়-ববীয়া তথা কৰ্মকৰ্তাসকলক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।'

উক্ত কার্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভূপেন বৰা, বিধায়িনী দলৰ দলপতি দেৱব্রত শইকীয়া, মুখ্য সচেতক ৱাজেদ আলী চৌধুৰী উপস্থিত থাকি সাংসদকেইগৰাকীক উষ্ম সম্বৰ্ধনা জনায়। ইয়াৰোপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰক প্ৰমুখ্য কৰি দলৰ বিধায়কসকল, দলীয় বিষয়-ববীয়া তথা কৰ্মকর্তা, ভাতৃ-ভগ্নী সংগঠনৰ সভাপতিসকলৰ লগতে শাখা সংগঠনৰ অধ্যক্ষসকল উপস্থিত থাকে।

Also Read: চাৰিদুৱাৰ আৰক্ষীৰ অভিযানত আটক জুৱাৰী

Pradyut Bordalai Assam Pradesh Congress Commitee rakibul hussain LOKSABHA 2024 himanta biswa sarma gaurav gogoi