/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f9813232-06f3-4875-b967-927b62313bc4/111.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : চাৰিদুৱাৰত শুকুৰবাৰে আৰক্ষীয়ে চলোৱা এক অভিযানত তীৰ খেলৰ এজেণ্টক আটক কৰিবলৈ সক্ষম হয়। অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে চাৰিদুৱাৰৰ আৰক্ষীয়ে চলোৱা অভিযানৰ অংশস্বৰূপে বালিপাৰাৰ ফুলবাৰী চাহ বাগিছাৰ পৰা এজন তিৰ খেলৰ এজেণ্টক আটক কৰে বুলি জানিবলৈ দিয়ে ৷
এইখিনিতে উল্লেখ কৰিব লাগিব যে চাৰিদুৱাৰৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এজেণ্টজনৰ পৰা জব্দ কৰে তীৰৰ টিকট আৰু নগদ ধন৷ ধৃত এজেণ্টজনৰ নাম অমৃত তাঁতী বুলি জানিব পৰা গৈছে।