জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনাচক্ৰ সম্পন্ন...

জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনাচক্ৰ সম্পন্ন...
জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনাচক্ৰ সম্পন্ন...

ডিজিটেল ডেস্কঃ ভাৰতৰ জি-২০ সভাপতিত্বৰ বিষয়বস্তু "বসুধৈৱ কুটুম্বকম" বা "এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত"ৰ মূলমন্ত্ৰ সৰোগত কৰি আগন্তুক ২ আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য বৈঠকৰ প্ৰাকমুহূৰ্তত এটি অংশগ্ৰহণমূলক আৰু সৰ্বাংগীন আলোচনা প্ৰক্ৰিয়াৰ পৰিবেশ সৃষ্টিৰ প্ৰয়াসৰ অংশ হিচাপে আজি ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ত এখনি আলোচনাচক্ৰৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উদ্যোগত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত ফণীধৰ দত্ত ভৱনত "Financing for SDG's: Blueprint to achieve Sustainable Future' শীৰ্ষক বিষয়বস্তুৰে দিনজোৰা কাৰ্যসূচীৰে আলোচনাচক্ৰটি অনুষ্ঠিত হয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে উদ্বোধন কৰা এই আলোচনাচক্ৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ আন্তৰ্জাতিক অৰ্থনৈতিক সম্পৰ্ক বিভাগৰ উপদেষ্টা গীতু যোশীয়ে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে আই আই এম, শ্বিলঙৰ সঞ্চালক ড০ ডি. পি. গোৱেলে মূল বক্তব্য আগবঢ়ায়। তেখেতে আলোচনাচক্ৰৰ বিষয়বস্তু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে বিত্তীয় যোগানৰ ওপৰত গুৰুত্বসহকাৰে আলোকপাত কৰে।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ আন্তৰ্জাতিক অৰ্থনৈতিক সম্পৰ্ক বিভাগৰ উপদেষ্টা গীতু যোশীৰ সভাপতিত্বত আয়োজিত আলোচনাচক্ৰৰ প্ৰথমখন অধিৱেশনত 'Sustainable Financing: Way ahead to achieve Agenda 2030' শীৰ্ষক পেনেল আলোচনাত জলবায়ু বন্ধনৰ উদ্যোগৰ নেহা কুমাৰ, চিডিপি ইণ্ডিয়াৰ প্ৰাৰ্থনা বৰা, অসম চৰকাৰৰ ড০ ৰৌহিন দেৱ, ইণ্ডাচইণ্ড বেংকৰ ৰূপা সতীশ আৰু ইউনিচেফৰ ড০ সৌমেন বাগচিয়ে পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰে।

ইয়াৰ পাছতেই অনুষ্ঠিত হয় প্ৰশ্ন-উত্তৰ অনুষ্ঠান। আলোচনাচক্ৰৰ দ্বিতীয় অধিৱেশনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য মহাপ্ৰৱন্ধক সুনীল নায়াৰে 'Role of Banks in Financing of SDGs' শীৰ্ষক বিষয়ত বিশেষ বক্তব্য আগবঢ়ায়। ইয়াৰ পাছতেই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ব্ৰীজ ৰাজৰ সভাপতিত্বত অনুষ্ঠিত 'Financial Sector Regulators in Financing the SDGs' শীৰ্ষক পেনেল আলোচনাত ৰিজাৰ্ভ বেংকৰ অমিত সিনহা, ছেবিৰ সুৰভি গুপ্তা, আইআৰডিএৰ আম্মু ভেংকট ৰমন আৰু আইএফএছচিএৰ অভিলাষ মুলকান্তই পেনেলিষ্টৰূপে অংশগ্ৰহণ কৰি বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে।

পেনেল আলোচনাৰ পাছতেই অনু্ষ্ঠিত প্ৰশ্ন-উত্তৰ শিতানৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথৰ শলাগৰ শৰাইৰে আজিৰ আলোচনাচক্ৰৰ সামৰণি পৰে। উল্লেখ্য যে, আলোচনাচক্ৰত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, গৱেষক-গৱেষিকা, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা তথা ভাৰতীয় ৰিজাৰ্ভ বেংক, ছেবি, আইআৰডিএ আদিৰ বহুসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনাচক্ৰ সম্পন্ন...
আন এখন যুদ্ধৰ বাবে সাজু হৈছে বিশ্বঃ অশান্ত হোৱাৰ দিশে এছিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in