গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

author-image
Asomiya Pratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অহা ২১ আৰু ২২ মাৰ্চ ২০২৪ তাৰিখে ফণীধৰ দত্ত আলোচনা গৃহত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। "Philosophical Methodology From Indian and Western Perspectives "ক মুখ্য বিষয় হিচাপে লৈ ইণ্ডিয়ান কাউন্সিল অফ ফিলচফিকেল ৰিচাৰ্চ ৰ পৃষ্ঠপোষকতাত আয়োজিত উক্ত অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় যাৱতীয় কামকাজ সমূহ পূৰ্ণগতিত চলি আছে ।

Advertisment

বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হ'বলগীয়া অনুষ্ঠানটো উদ্ধোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য্য, অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে । অনুষ্ঠানত অধ্যাপক ড. সচ্চিদানন্দ মিশ্ৰ ( মেম্বাৰ চেক্ৰেটেৰী ,আই চি পি আৰ, নতুন দিল্লী ) , অধ্যাপক লক্ষ্মীকান্ত পাধি ( দৰ্শন বিভাগ , ইউনিভাৰ্ছিটি অফ নৰ্থ বেংগল) , অধ্যাপক আৰ এম সিং ( ইউনিভাৰ্ছিটি অফ দিল্লী ), ছিবি কে জৰ্জ ( ডিপাৰ্টমেণ্ট অফ হিউমেনেটিজ এণ্ড চচিয়েল চায়েঞ্চেছ , আই আই টি ,বোম্বে ) কে ধৰি দেশৰ বিভিন্ন পৰ্যায়ৰ বহুতো বিশেষজ্ঞ তথা শিক্ষাবিদ বক্তা হিচাপে উপস্থিত থাকিব ।

বিভাগৰ মূৰব্বী অধ্যাপিকা আকৌজাম থৈবিছানাই জনোৱা অনুসৰি উক্ত অনুষ্ঠানৰ বাবে বিভাগে বৰ্তমানলৈ ধনাত্মক সহাঁৰি লাভ কৰিছে আৰু সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

Also Read: যোৰহাট জিলা সমন্বয়ৰক্ষী সমিতিৰ ত্ৰিবাৰ্ষিক অধিৱেশন

assam gauhati university