যোৰহাট জিলা সমন্বয়ৰক্ষী সমিতিৰ ত্ৰিবাৰ্ষিক অধিৱেশন

যোৰহাট জিলা সমন্বয়ৰক্ষী সমিতিৰ ত্ৰিবাৰ্ষিক অধিৱেশন

author-image
Asomiya Pratidin
New Update
যোৰহাট জিলা সমন্বয়ৰক্ষী সমিতিৰ  ত্ৰিবাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, বেকাজানঃ যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিয়ে তিনিটা বর্ষ সফলতাৰে অতিক্ৰম কৰা মূহুৰ্তত শনিবাৰে জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ প্ৰথম ত্রি-বার্ষিক অধিৱেশনখনি টীয়ক জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সভাপতি ৰঞ্জিত কুমাৰ বৰাই, আনহাতে স্মৃতি তৰ্পণ কৰে টীয়ক জাতীয় বিদ্যালয় মুখ্য সঞ্চালক প্রদীপ চুতীয়াই ।

Advertisment

ইয়াৰ পিছত অনুষ্ঠিত হোৱা প্রতিনিধি সভাত পুৰণি জিলা সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ লগতে কাৰ্যকাল অন্ত পৰাত পদত্যাগ কৰে। সভাত ৰঞ্জিত গোহাঁই বৰুৱা আৰু সৌৰভ কুমাৰ বৰাক সভাপতি আৰু সম্পাদক হিচাপে লৈ পুনৰ এখন নতুন জিলা সমিতি গঠন কৰা হয়। দুপৰীয়া ৰঞ্জিত কুমাৰ বৰাৰ সভাপতিত্বত আৰু সৌৰভ কুমাৰ বৰাই আঁতধৰা সাধাৰণ সভাত সমলব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অসম জাতীয় বিদ্যালয়ৰ সহপাঠ্যক্ৰমৰ সমন্বয়ক ধ্ৰুৱ শৰ্মা আৰু মৌচুম ৰাজখোৱাই ।

ধ্ৰুৱ শৰ্মাই নতুন শিক্ষা নীতি সন্নিৱিষ্ট হোৱা সহ পাঠ্যক্ৰম আৰু সহঃ পাঠ্যক্রম গুৰুত্বৰ সন্দর্ভত আলোকপাত কৰে । সভাত তিতাবৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ প্ৰভাত বৰাই বক্তব্য আগবঢ়ায়। আজি যোৰহাট জিলা সমন্বয়ৰক্ষী সমিতিৰ ত্ৰিবাৰ্ষিক অধিৱেশনত যোৰহাট জিলাৰ ৩৬ খন জাতীয় বিদ্যালয়ে অংশগ্ৰহণ কৰে‌।

Also Read: গাঁৱৰ বজাৰত শাক-পাচলি কিনিলে প্ৰদ্যুৎ বৰদলৈয়ে

jorhat