গুৱাহাটী পৌৰ নিগমৰ আপৰ পাৰিষদ মাছুমা বেগমৰ গুৱাহাটীবাসীলৈ কৃতজ্ঞতা

চুইচ টিপিলেই ঘৰে ঘৰে খোৱাপানী পাব বুলি কৰা ঘোষণাও শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ আপৰ পাৰিষদগৰাকীয়ে দাবী জনায়
গুৱাহাটী পৌৰ নিগমৰ আপৰ পাৰিষদ মাছুমা বেগমৰ গুৱাহাটীবাসীলৈ কৃতজ্ঞতা

ডিজিটেল ডেস্কঃ গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা এবছৰ সম্পূৰ্ণ হোৱাৰ প্ৰেক্ষাপটত ৪২ নং ৱাৰ্ডৰ আম আদমি পাৰ্টীৰ পাৰিষদ মাছুমা বেগমে সমূহ গুৱাহাটীবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। দলটোৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি মাছুমা বেগমে কয় যে যোৱা বছৰটোত তেওঁৰ ৱাৰ্ডৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে।

কৃত্ৰিম বানত জ্বলাকলা খোৱা বাসিন্দাসকলৰ সকাহৰ বাবে বাটৰ কাষৰ নৰ্দমাসমূহ নিয়মীয়াকৈ পৰিষ্কাৰ কৰাই থকাৰ লগতে পানী নিৰ্গমনৰ ব্যৱস্থাটো অধিক কাৰ্যক্ষম কৰা হৈছে। তদুপৰি অঞ্চলটোত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰি ডাৰ্ক স্পটসমূহ নোহোৱা কৰাৰ কাম অৱ্যাহত আছে।

গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ সময়ত মহানগৰৰ জনতাই আম আদমি পাৰ্টীৰ প্ৰতি যি সমৰ্থন আগবঢ়ালে, সেই কথা সুঁৱৰি তেওঁ কয় যে আপৰ একমাত্ৰ পাৰিষদ হিচাপে দুই-এটা সৰু-সুৰা অসুবিধা পায় যদিও সামগ্ৰিকভাৱে তেওঁ সকলোৰে ওচৰত কৃতজ্ঞ। উল্লেখ্য যে যোৱা বছৰ অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত আপে ৩৮টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই এটা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল যদিও আপে ১৩ শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হৈছিল।

যোৱা বছৰটোত মাছুমা বেগমে তেওঁৰ ৱাৰ্ডৰ জনতাৰ মাজত ৫০গৰাকীলৈ অৰুণোদয় আঁচনি,৩০০টা পৰিয়ালক ৰেচন কাৰ্ড দিওৱাৰ লগতে বহুতকে বৃদ্ধ আৰু বিধৱা পেঞ্চনৰ সুবিধা কৰি দিয়ে। ইতিমধ্যে তেওঁ কেবাটাও পথৰ নিৰ্মাণৰ বাবে আবেদন কৰি ৰাখিছে।

অনাগত দিনত জনতাৰ সেৱাৰ বাবে সকলো পক্ষৰ পৰা সহায় বিচাৰি তেওঁ আন আন পাৰিষদসকলকো এবছৰীয়া ৰিপ'ৰ্ট কাৰ্ড ৰাজহুৱা কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত প্ৰতিটো ৱাৰ্ডৰ বাবে ১০ কোটিকৈ ধন দিয়াৰ আৰু একোখনকৈ হাস্পতাল নিৰ্মাণ কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল,তাক পূৰণ কৰিবলৈ তেওঁ দাবী জনায়।

তদুপৰি চুইচ টিপিলেই ঘৰে ঘৰে খোৱাপানী পাব বুলি কৰা ঘোষণাও শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ আপৰ পাৰিষদগৰাকীয়ে দাবী জনায়।

গুৱাহাটী পৌৰ নিগমৰ আপৰ পাৰিষদ মাছুমা বেগমৰ গুৱাহাটীবাসীলৈ কৃতজ্ঞতা
চালানী মাছ বৰবিহ ! আপৰ প্ৰতিক্ৰিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in