চালানী মাছ বৰবিহ ! আপৰ প্ৰতিক্ৰিয়া

আনহাতে আপে ৰাইজৰ জীৱনক লৈ হেতালি খেলাৰ পৰা বিৰত থাকিবলৈ চৰকাৰক আহ্বান জনায়
চালানী মাছ বৰবিহ ! আপৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ ৰাইজৰ জীৱনক লৈ বিজেপি চৰকাৰে হেতালি খেলাৰ অভিযোগ আম আদমি পাৰ্টীৰ। অসম চৰকাৰে বজাৰত কৰ্কট ৰোগৰ বাহক মাৰাত্মক ফৰ্মেল ডি হাইডৰ উপস্থিতি ধৰা পৰা বহিঃ ৰাজ্যৰ চালানী মাছ সন্দৰ্ভত আম আদমি পাৰ্টীৰ প্ৰতিক্ৰিয়া।

এই সন্দৰ্ভত আপে এক বিবৃতিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিবৃতিত উল্লেখ কৰা অনুসৰি থলুৱা উদ্যোগ স্থাপনৰ কথা কোৱা অসম চৰকাৰৰ দায়িত্বপ্ৰাপ্ত জনস্বাস্থ্য কাৰিকৰী বিভাগ,যোগান বিভাগ,মীন বিভাগে বিভাগীয় মন্ত্ৰীৰ সৈতে লগ লাগি কমিছনৰ ভাগ-বাটোৱাৰাত হে ব্যস্ত থকাৰ অভিযোগ উল্লেখ কৰে। লগতে বহিঃৰাজ্যৰ পৰা আমদানিকৃত হানিকাৰক ৰাসয়নিক দ্ৰব্য মিহলোৱা চালানী মাছৰ মুকলি বিক্ৰীৰে জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে।

আনহাতে আপে ৰাইজৰ জীৱনক লৈ হেতালি খেলাৰ পৰা বিৰত থাকিবলৈ চৰকাৰক আহ্বান জনায়।

চালানী মাছ বৰবিহ ! আপৰ প্ৰতিক্ৰিয়া
ৰিজিজুৱে শ্ৰুতলিপি দিব নেকি ন্যায়ালয়ে কি কৰিব !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in