গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি...

গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল ৭৫ বছৰত । এই লৈ ৫ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ আয়োজন কৰা হৈছে মহাৰজত জয়ন্তী । শনিবাৰে সামৰণি পৰিল ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী
মহাৰজত জয়ন্তী
মহাৰজত জয়ন্তী

ডিজিটেল ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল ৭৫ বছৰত । এই লৈ ৫ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ আয়োজন কৰা হৈছে মহাৰজত জয়ন্তী । শনিবাৰে সামৰণি পৰিল ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী ।

সামৰণি তথা অন্তিমদিনৰ কাৰ্যসূচীত বহু বিশিষ্ট আইনবিদৰ লগতে উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ ইউ ইউ ললিত । এই গাম্ভীৰ্পূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকি প্ৰাক্তন ন্যায়ধীশগৰাকীয়ে নিজৰ বক্তব্য ৰাখি আইনৰ ভাষণ সম্পৰ্কত আলোকপাত কৰে ।

ভাষণৰ আৰম্ভণিতে আইনজ্ঞগৰাকীয়ে সংবিধান সংশোধন সন্দৰ্ভত কয় যে, সংবিধানৰ মূল ধাৰা বৰ্তাই ৰাখিহে হ’ব পাৰে সংবিধানৰ সংশোধন । লগতে আইনজ্ঞগৰাকীয়ে আইনৰ শাসনৰ কথাও উল্লেখ কৰে । দাৰ্শনিক এৰিষ্টটলৰ দৰ্শনৰে আইনৰ ভূমিকাৰ সন্দৰ্ভতো ভাষণ প্ৰদান কৰে ।

তেওঁ পুনৰ কয় যে আইনৰ শাসন মৌলিক । লগতে সংবিধানৰ ৩২ নং অনুচ্ছেদৰ কথাও উল্লেখ কৰি কয় এইয়া নাগৰিকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অনুচ্ছেদ । সংবিধানৰ ২১ নং অনুচ্ছেদত প্ৰাৰ্থমিক শিক্ষা সকলোৰে বাবে মৌলিক অধিকাৰৰূপে প্ৰতিষ্ঠা কৰিছে উচ্চতম ন্যায়ালয়ে ।

আইনৰ শাসনে মহিলাৰ সুৰক্ষাৰ কথাও নিশ্চিত কৰে বুলিও উল্লেখ কৰে । এইদৰে বিভিন্নধৰণৰ গুৰুত্বপূৰ্ণ কথাৰে আজিৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকি নিজৰ বহুমূলীয়া ভাষণ সামৰে প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে ।

মহাৰজত জয়ন্তী
দলীয় নেতৃত্বৰ বাবে মাজে সময়ে অগপই উজুটি খাব লগা- মন্ত্ৰী কেশৱ মহন্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in