দলীয় নেতৃত্বৰ বাবে মাজে সময়ে অগপই উজুটি খাব লগা- মন্ত্ৰী কেশৱ মহন্ত...

নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত অগপৰ বিধান পৰিষদৰ বিশেষ কৰ্মকৰ্তা সন্মিলন
বিশেষ কৰ্মকৰ্তা সন্মিলন
বিশেষ কৰ্মকৰ্তা সন্মিলন

ডিজিটেল সংবাদ, নগাঁওঃ অসম গণ পৰিষদ এটা ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দল । দলৰ এই নীতিৰ বাবেই অগপৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাস এতিয়াও আছে । এই আস্থা আৰু বিশ্বাসক সৰোগত কৰি অগপ দলক শক্তিশালী কৰিব লাগিব ।

এই মন্তব্য অগপ দলৰ সভাপতি তথা কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ । নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত অগপৰ ৯ টা বিধান পৰিষদ সমষ্টিৰ বিশেষ কৰ্মকৰ্তা সন্মিলনত শনিবাৰে সভাপতিত্ব কৰি অতুল বৰাই এই মন্তব্য কৰে ।

নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এই সন্মিলনত অংশগ্ৰহণ কৰি সভাপতি বৰাই কয় যে মই তৃণমূল পৰ্যায়ৰ কৰ্মী সকলক গুৰুত্ব দিয়াটো বিচাৰো । কাৰণ তেওঁলোক আমাৰ দলৰ প্ৰাণ শক্তি ।

তেওঁলোকেই আমাৰ দলটোক শক্তিশালী ৰূপত ধৰি ৰাখিছে । অসম আন্দোলনৰ সময়ৰ পৰা বৰ্তমানলৈকে বহু নেতা কৰ্মীয়ে আঞ্চলিকতাবাদৰ ধ্বজা এতিয়াও ধৰি ৰাখিছে । তেওঁলোকৰ অভিজ্ঞতা আৰু পৰামৰ্শই অগপ দলক আগুৱাই নিয়াত সহায় কৰিব । দলীয় কৰ্মী সকলৰ উদ্দীপনা, কৰ্মীসকল উৎসাহী হয়, ৰাইজৰ মাজলৈ যাব, তেতিয়া অগপ দল শক্তিশালী হৈ উঠিব ।

 নগাঁওত  বিশেষ কৰ্মকৰ্তা সন্মিলন
নগাঁওত বিশেষ কৰ্মকৰ্তা সন্মিলন

এসময়ত নগাঁও জিলাত অগগৰ শক্তিশালী দূৰ্গ আছিল । বৰ্তমানে আমি নগাঁৱত অগপৰ দূর্গ পূৰ্বৰ দৰে শক্তিশালী কৰি তুলিব লাগিব ।

এতিয়াৰ পৰাই তৃনমূল পৰ্যায়ৰ পৰা দলৰ সকলো স্তৰৰ নেতা কৰ্মীয়ে ৰাইজৰ মাজলৈ গৈ দলটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব লাগিব । আজি ইয়ালৈ আহি ভাল লগিছে, কাৰণ নৱ প্ৰজন্মৰ বহু ছাত্র-ছাত্ৰী, যুৱক-যুৱতী অগপ দললৈ আহিছে ।

মহাবিদ্যালয়ৰ নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দিতা কৰি নিৰ্বাচিত হৈছে । ন পুৰণি সকলোৱে মিলি অগপক শক্তিশালী কৰিব লাগিব বুলি বৰাই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে নতুন তেজৰ আমদানিৰে অগপ দলক আগুৱাই নিব লাগিব ।

কংগ্ৰেছক কঠোৰ সমালোচনা কৰি বৰাই কয় সমগ্ৰ দেশতে কংগ্ৰেছ দল এতিয়া দূৰ্বল দললৈ পৰিনত হৈছে । শেহতীয়া ভাবে হোৱা উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দল শোচনীয় ভাবে পৰাজয় হৈছে ।

লগতে নেতাগৰাকীয়ে কয় যে সম্প্ৰতি অসমত কংগ্ৰেছ দল নিশকটীয়া হৈ পৰিছে । অসমত কংগ্ৰেছ দলে ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত মূৰ দাঙিব নোৱাৰে ।

ভাষণ প্ৰসংগত বৰাই এ আই ইউ ডি এফক কঠোৰ সমালোচনা কৰে । ধৰ্মীয় সংখ্যালঘু সকলৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় আমি তেওঁলোকৰ সমভাগী হব লাগিব । ৰাজনীতিক সেৱাৰ মাধ্যম বুলি উল্লেখ কৰি বৰাই কয় যে সেৱাৰ যোগেৰে কাম কৰি গলে আমাৰ দল নিশ্চিত ভাবে শক্তিশালী হব ।

আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ অগপই কাম কৰি আহিছে আৰু ভবিষ্যতেও কাম কৰি যাব । সন্মূখত লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন । লোকসভা আৰু বিধান সভা নিৰ্বাচনতকৈ পঞ্চায়ত নিৰ্বাচনৰ গুৰুত্ব কম নহয় ।

দুই মন্ত্ৰীদ্বয়
দুই মন্ত্ৰীদ্বয়

সন্মিলনত ভাষণ প্ৰদান কৰি অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই নিজৰ চমু ভাষণত কয় এসময়ত নগাঁৱত অগপৰ ভেটি শক্তিশালী আছিল । ইয়াৰ পৰা একেৰাহে ৭ বাৰ বিধায়ক জিকাৰ নজিৰ আছে ।

লগতে তেওঁ কয় নগাঁও লোকসভা সমষ্টিৰ পৰা তিনি বাৰ সাংসদ জিকাৰ লগতে ইয়াৰ পৰা দুবাৰকৈ মূখ্যমন্ত্ৰী হোৱাৰ লগতে কেবাজনো মন্ত্ৰী হৈছে । আমাৰ দলীয় কৰ্মী সকল থিকেই আছে । ৰাইজ থিকে আছে । কিন্তু আমাৰ দলীয় নেতৃত্বৰ বাবে মাজে সময়ে অগপই উজুটি খাব লগা হৈছে ।

অতীতৰ শিক্ষা গ্ৰহণ কৰি ভবিষ্যতৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰি দলটোক নতুন ৰূপত আগুৱাই নিব লাগিব। দলটোলৈ এতিয়া নতুন প্ৰজন্মৰ আগমন ঘটিছে। এতিয়া দলৰ বাবে শুভ লক্ষণ ।

অগপ মূৰ দাঙি ধৰি ৰখা আঞ্চলিক দল। সমগ্র অসমতে অগপৰ শিপা আছে। এই শিপাক সাৰ পানী যোগাই অগপক আগুৱাই নিব লাগিব । সমাগত লোকসভা নিৰ্বাচনত অগপই প্ৰতিদণ্ডিতা কৰিব বুলি মহন্তই কয় যে আমি মিত্ৰ জোট হিচাবে প্ৰতিদণ্ডিতা কৰিম ।

কিন্তু মিত্ৰ জোঁটৰ লগত আলোচনা হোৱা নাই। অহা লোকসভা নিৰ্বাচনত আমাৰ মিত্ৰ জোটে ১৩ খন আসনত জয়ী হব বুলি উল্লেখ কৰে । ৰাজ্যসভাৰ সংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ আজি শক্তিশালী দলহৈ পৰিছে । নগাঁৱলৈ আহি মনত পৰিছে ১৯৮৫ চনৰ কথা, ১৯৯১ চনৰ কথা ।

আমি সংকল্পবদ্ধ হও আহক অসম গণ পৰিষদৰ নগাঁও জিলাৰ সেই গৌৰৱোজ্জ্বল ঐতিহ্যক পুনৰ উদ্ধাৰ কৰিবৰ বাবে। আগন্তুক লোক সভা নিৰ্বাচনত আঞ্চলিক দলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।

ভাৰতীয় ৰাজনীতিটো আঞ্চলিক দলৰ বৰ্তমান বিশেষ ভূমিকা আছে । আমি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ জোট হিচাপে লোকসভা নিৰ্বাচনত অৱৰ্তীণ হম । আহক আমি শপত গ্ৰহণ কৰো আমি আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টি কংগ্ৰেছৰ পৰা উদ্ধাৰ কৰিম ।

সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে কয় যে-'আমাৰ লক্ষ্য পঞ্চায়ত নিৰ্বাচন, আমাৰ লক্ষ্য লোকসভা নিৰ্বাচন ।

নগাঁও জিলা অগপৰ সভাপতি মনি মাধৱ মহন্তই আদৰনী ভাষন প্ৰদান কৰা সভাখনত অগপৰ কেন্দ্ৰীয় বিষয় ববীয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰবীণ হাজৰিকা, ভূপেন ৰায়, বিষ্ণু দাস, দিলীপ পাটগিৰি, জিতু বৰগোহাই, ত্ৰিনয়ন বৰুৱা, মামনি বৰা, বিমলেণ্ডু সিংহা, মনোজ শইকীয়া, প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি দলৰ বহুকেইজন শীৰ্ষ নেতাই অংশ গ্ৰহণ কৰে ।

সন্মিলনত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত অগপৰ লামডিং, হোজাই, যমুনামূখ, বঢ়মপুৰ, নগাঁও সদৰ, ৰহা, লাহৰিঘাট, মৰিগাঁও আৰু জাগীৰোড বিধান পৰিষদ সমষ্টিৰ দলীয় কৰ্মকৰ্তা সকলে অংশ গ্ৰহণ কৰে ।

ইয়াৰ পূৰ্বে অগপৰ সভাপতি অতুল বৰাক অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ সদস্য সকলে নগাঁও চহৰৰ সমীপৰ শেনচোৱাৰ পৰা মটৰ চাইকেলৰে সভাস্থলিলৈ আদৰি আনে । ইপিনে অগপৰ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে নগাঁও অসম আন্দোলনৰো দূৰ্গ আছিল । অগপৰো দূৰ্গ আছিল । এতিয়া আমি অসমৰ ১৪ টা সমষ্টিত দলৰ সংগঠন শক্তিশালী কৰাৰ বাবে কাম কৰি আছো ।

লোকসভা নিৰ্বাচত বিজেপিৰ পৰা কিমানখন আসন বিচাৰিব বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বৰাই কয় যে এতিয়ালৈকে এই বিষয়টো ঠিক কৰা হোৱা নাই । আমি একো ৰাখিম বুলি কোৱা নাই আৰু একো এৰিম বুলি কোৱা নাই । এতিয়া আমি সাংগঠনিক কাম কাজ সুদৃঢ় কৰাৰ কামত ব্যস্ত আছো ।

বিশেষ কৰ্মকৰ্তা সন্মিলন
নৰ্থ বেংক মহাবিদ্যালয়ৰ "নিউজ লেটাৰ আৰু পুস্তিকা" উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in