মহানগৰীৰ পাঞ্জাবাৰীত বিধ্বংসী অগ্নিকাণ্ড : আঁতচবাজীৰ পৰাই অগ্নিসংযোগৰ সন্দেহ

মহানগৰীৰ পাঞ্জাবাৰীত বিধ্বংসী অগ্নিকাণ্ড : আঁতচবাজীৰ পৰাই অগ্নিসংযোগৰ সন্দেহ

author-image
Asomiya Pratidin
New Update
মহানগৰীৰ পাঞ্জাবাৰীত বিধ্বংসী অগ্নিকাণ্ড : আঁতচবাজীৰ পৰাই অগ্নিসংযোগৰ সন্দেহ

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত সোমবাৰে নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। গংগা শান্তি এপাৰ্টমেণ্টত সংঘটিত হৈছে এই অগ্নিকাণ্ড। দীপাৱলীৰ আঁতচবাজীৰ পৰাই এই অগ্নিকাণ্ডৰ সৃষ্টি হোৱা বুলি সন্দেহ কৰা হৈছে।

Advertisment

এই অগ্নিকাণ্ডৰ ফলত জুইত সম্পূৰ্ণৰূপে ভষ্মীভূত হৈছে এপাৰ্টমেণ্টটোৰ এটা ফ্লেটৰ সকলো সামগ্রী। জানিব পৰামতে, ফ্লেটটোত সোমবাৰে নিশা আয়োজন কৰা হৈছিল সুৰাৰ পাৰ্টি। সেই সুৰাৰ পাৰ্টিত ফুটোৱা ফটকাৰ পৰাই ফ্লেটটোত অগ্নিসংযোগৰ সন্দেহ প্ৰকাশ কৰিছে ফ্লেটটোৰ গৰাকীয়ে। উল্লেখ্য যে, যোৱা ৫ দিন ধৰি ফ্লেটটোত নাছিল কোনো লোক।

এই অগ্নিকাণ্ডৰ ফলত কোটি টকা মূল্যৰ সামগ্রী ক্ষতি হোৱা বুলি ফ্লেটটোৰ গৰাকী দেৱৰাজ ভাগৱতীয়ে জানিবলৈ দিয়ে। অগ্নিকাণ্ডৰ পাছত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।

ইতিমধ্যে এপাৰ্টমেণ্টটোৰ বিল্ডাৰ মাধৱ শৰ্মাৰ বিৰুদ্ধে ফ্লেটটোৰ গৰাকী দেৱৰাজ ভাগৱতীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে। লগতে বিল্ডাৰৰ পুত্রৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে দেৱৰাজ ভাগৱতীয়ে।

Also Read: ভাৰত-ম্যানমাৰ সীমান্তত ম্যানমাৰ সামৰিক বাহিনীৰ বিমান আক্ৰমণ: মিজোৰামত ৰেড এলাৰ্ট

fire