মহানগৰীত দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী কিশোৰী : গ্ৰেপ্তাৰ দুই কিশোৰ

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে
মহানগৰীত দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী কিশোৰী : গ্ৰেপ্তাৰ দুই কিশোৰ

ডিজিটেল ডেস্কঃ ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে ধৰ্ষণৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনা । পুনৰ জঘন্য ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।

দেওবাৰে মহানগৰীত দলবদ্ধ ধৰ্ষণৰ বলি হ’ল এগৰাকী কিশোৰী। এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰীত।

জানিব পৰা মতে কিশোৰীগৰাকীৰ প্রেমিকে তেওঁক ঘৰলৈ মাতি লৈ গৈছিল । ইয়াৰ পাছতে যুৱকজনে বন্ধুৰে মিলি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলায়।

আনহাতে দুৰ্ভগীয়া কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি ধৰ্ষণ কাণ্ডৰ লগত জড়িতৰ অভিযোগত দুই কিশোৰক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। উল্লেখ্য যে এই ঘটনা স্থানীয় ৰাইজে প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

মহানগৰীত দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী কিশোৰী : গ্ৰেপ্তাৰ দুই কিশোৰ
উদুলি- মুদুলি গোলাঘাট ৰাজহুৱা সমন্বয় ক্ষেত্ৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in