উদুলি- মুদুলি গোলাঘাট ৰাজহুৱা সমন্বয় ক্ষেত্ৰ

সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত পিঠা-পনা,গামোচা প্ৰতিযোগিতাৰ অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
উদুলি- মুদুলি গোলাঘাট ৰাজহুৱা সমন্বয় ক্ষেত্ৰ

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাটৰ ৰাজহুৱা সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় ব'হাগী উৎসৱ। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা ব'হাগ উৎসৱ উপলক্ষে বিভিন্ন সংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

Advertisment

আয়োজক সমিতিয়ে জনোৱা অনুসৰি পুৱা নাম প্ৰসঙ্গ, গছপুলি ৰোপণ, মূল তোৰণ উদ্ধোধনৰ পাছতে ধৰ্ম ধ্বজ্জা উত্তোলন কৰে পদাধিকাৰ ভবেন্দ্ৰনাথ ভবেন্দ্ৰনাথ ডেকাই। ইয়াৰ পাছতে আধ্যাত্মিক পৰিৱেশৰ মাজত সংস্কৃতিৰ সাধনাৰ উদ্দেশ্য সন্মুখত ৰাখি এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

শোভাযাত্ৰাত ফুটি উঠে বৰ অসমৰ মনোমোহা দৃশ্য। শোভাযাত্ৰাত ঢোল-পেপাৰ লগতে খাম- চিফুঙ আদি লোকবাদ্যৰ মাতে অন্য এক মাত্ৰা প্ৰদান কৰে। বিভিন্ন জাতি-উপজাতিৰ সমাহাৰেৰে গোলাঘাটৰ ৰাজপথত আগবাঢ়ি যায় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।

সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত পিঠা-পনা,গামোচা প্ৰতিযোগিতাৰ অনুষ্ঠিত হয়। আনহাতে এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা উক্ত অনুষ্ঠানৰ নিশা সাংস্কৃতিক অনুষ্ঠানৰে অন্ত পৰিব বুলি সমিতিয়ে জানিবলৈ দিয়ে।

Also Read: ৰাজতন্ত্ৰ ! কেতিয়াবা পৰিব নে অন্ত ?

Bohag Bihu