
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ খাৰঘূলিৰ জয়পুৰত বৃহস্পতিবাৰে গেমন আৰু জাইকা পানী যোগান আঁচনিৰ পাইপ বিস্ফোৰণ ঘটি এগৰাকী মহিলাৰ লগতে বহুতো লোক আহত হোৱাৰ উপৰিও বিস্তৰ ক্ষতিসাধন হৈছে অঞ্চলবাসীৰ। উক্ত ঘটনাক লৈ খোদ মন্ত্ৰী অশোক সিংঘালে বিভাগীয় বিষয়াক জবাবদিহি কৰিব লগা হ'ল ।
কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল তেনে এক অনুৰূপ ঘটনা পুনৰ মহানগৰীত সংঘটিত যে নহ'ব তাৰ কোনো নিশ্চয়তা নাই । কিয়নো বৰ্তমানেও মহানগৰীৰৰ বিভিন্ন স্থানত এইদৰে পানী নিগৰি থকা দৃশ্য তেনেই সুলভ ।
মহানগৰী বিভিন্ন স্থান জু ৰোড, মালিগাওঁ, পাণ্ডু আদি বিভিন্ন স্থানত পানী নিগৰি থাকে প্ৰতিদিনেই । সেয়ে পুনৰ যে এনে এক ঘটনা সংঘটিত হোৱাৰ আশাংকাত ভুগিছে মহানগৰীবাসীয়ে । মহানগৰীৰ বিভিন্ন পথৰ তলেৰে এই পানী যোগান আঁচনিৰ পাইপ পোতি থোৱা আছে ।
আৰু সেই পাইপৰ পৰা প্ৰতিদিনেই পানী নিগৰি থকা ফলত পথটো কোমল হৈ পৰাৰ সম্ভাৱনাই অধিক । এনেদৰে দৈনিক একেস্থানত পানী নিগৰাৰ স্থানত তৎকালে মেৰামতি নকৰাৰ ফলত সেই পথেৰে দৈনিক বাহন চলাচল কৰাৰ ফলত কোমল হৈ থকা স্থানত বাহনৰ চলাচল কৰাৰ ফলত পাইপ ফুটা অংশ বেছি বহল হৈ পৰাৰ সম্ভাৱনাই অধিক । যাৰ ফলত জয়পুৰৰ দৰে একেই ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আংশকাত ভুগিছে মহানগৰবাসী ।
তদুপৰি গুৱাহাটীৰ বিভিন্ন পথ খান্দি পাইপ লাইন মেৰামতি কৰি থকাৰ দৃশ্যও একেবাৰে সুলভ । যদিহে লোক নিৰ্মাণ বিভাগে মহানগৰীৰ এফালে ৰাস্তা নিমাৰ্ণ কৰি উঠে আনফালে আকৌ জাইকাই পানীৰ যোগানৰ পাইপ পোতাৰ নামত ৰাস্তা খান্দি ঠেক কৰি যেতিয়াই তেতিয়াই মহানগৰবাসীক হাৰা-শাস্তি কৰি অতিষ্ঠ কৰি তুলে । তদুপৰি এইদৰে পাইপ খন্দাৰ ফলত ৰাস্তা পৰ্যন্ত ঠেক হৈ পৰে ।
এই ভয়ংকৰ ঘটনাৰ পিছতেই জল আয়োগকলৈও প্ৰশ্ন উত্থাপন হৈছে । কিয়নো এই গোটেই কাম-কাজ বোৰ জল আয়োগৰ তত্ত্বাৱধানত হ'ব লাগে । পিছে জল আয়োগৰ বিষয়া, অভিযন্তাসকলে এই কাম-কাজ সমূহ কিমান সূচাৰুৰূপে চাইছে নে নাই সেয়াও এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ।
কিয়নো পাইপেৰে কিমান পৰিমাণৰ পানী প্ৰবাহ হ'ব সেয়া নিৰ্ণয় কৰে জল বৰ্ডে । ১৩৮৫ কোটি টকাৰ ব্যয়ৰ পানী যোগান আঁচনিৰ এই ঘটনাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই পুনৰ এনে এক ঘটনা সংঘটিত হোৱাৰ পৰা মহানগৰবাসীক ৰক্ষা কৰাৰ ক্ষেত্ৰত কিদৰে সচেতনতা অৱলম্বন কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় ।