/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/47feba58-862a-48b4-be1a-a0fa9b71bd9a/Tamulpur_protest.jpg)
ডিজিটেল সংবাদ, তামুলপুৰ : আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ। তামুলপুৰতো জিলা অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উদ্যোগত দেখিবলৈ পোৱা গ'ল উত্তাল প্ৰতিবাদ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8e6e6771-0443-4755-9255-17f7e205e47b/WhatsApp_Image_2023_05_26_at_3_51_55_PM__1_.jpeg)
অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলা অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাই তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিগত ২৩ মে'ৰ পৰা হোৱা প্ৰতিবাদৰ আজি চতুৰ্থদিনাও প্ৰতিবাদ অব্যাহত আছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e2e56f84-4b8e-4f4f-ae00-e1f4703d69c4/WhatsApp_Image_2023_05_26_at_3_51_55_PM.jpeg)
অংগনৱাড়ী কৰ্মী-সহায়িকাক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান, মাননিৰ সলনি মজুৰি, অৱসৰকালীন কৰ্মী-সহায়িকাসকলক এককালীন সাহাৰ্য প্ৰদান, আন্তঃগাঁথনি উন্নয়ন কৰা আৰু অংগনৱাড়ী কৰ্মী সহায়িকাক পূৰ্ণাঙ্গ কৰ্মীৰ মৰ্যদা প্ৰদানকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c5021f18-1050-4ed5-85c5-8116cc3f73a4/WhatsApp_Image_2023_05_26_at_3_51_56_PM.jpeg)
প্ৰতিবাদী অংগনৱাড়ী কৰ্মী সহায়িকাসকলে আমাৰ দাবী মানি লওঁঁক, আমাৰ দাবী ন্যাৰ্য দাবী, ন্যাৰ্য দাবী মানি লওঁঁক, এই সংগ্ৰাম চলিছে চলিবই, আই চি ডি এছৰ মূল শিপা কৰ্মী আৰু সহায়িকাৰ মাননিৰ সলনি মজুৰি দিয়ক, মূল শিপাত পানী দিয়ক, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
উল্লেখ্য যে, ২৬ মে'ত প্ৰতিবাদৰ সামৰণিত তামুলপুৰত মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ ছয় দফীয়া দাবী সমাধানৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰে ।
Also Read: দলঙৰ ওপৰত গাড়ী ৰখাই ব্ৰহ্মপুত্ৰত জাঁপ মাৰিলে যুৱকে