ডাউন টাউন গুৰুকুলত GAGANYAAN: A Celestial Odyssey শীৰ্ষক বিজ্ঞান প্ৰদৰ্শনী...

ডাউন টাউন গুৰুকুলত GAGANYAAN: A Celestial Odyssey শীৰ্ষক বিজ্ঞান প্ৰদৰ্শনী...

author-image
Asomiya Pratidin
New Update
ডাউন টাউন গুৰুকুলত GAGANYAAN: A Celestial Odyssey  শীৰ্ষক বিজ্ঞান প্ৰদৰ্শনী...

ডাউন টাউন গুৰুকুলত GAGANYAAN: A Celestial Odyssey শীৰ্ষক বিজ্ঞান প্ৰদৰ্শনী...

ডিজিটেল ডেস্কঃ মহানগৰীৰ অগ্ৰণী শিক্ষানুষ্ঠান ডাউন টাউন গুৰুকুল মোৰানহাটত 'গগণযানঃ এ চলেষ্টিয়েল অডিচি' শীৰ্ষক এক মনোমোহা বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায়। এই প্ৰদৰ্শনীত শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলে এই বিজ্ঞান প্ৰদৰ্শনীৰ জৰিয়তে শিক্ষানুষ্ঠানখনক এক মহাজাগতিক দৃশ্যলৈ ৰূপান্তৰিত কৰে।

Advertisment

'গগণযান: এ চলেষ্টিয়েল অডিচি' শীৰ্ষক এই বিজ্ঞান প্ৰদৰ্শনীৰ বিষয় বস্তু সম্পৰ্কে শিক্ষাৰ্থীসকলে ইংৰাজী আৰু অসমীয়া দ্বৈত ভাষাত উপস্থাপন কৰি বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য সন্দৰ্ভত সকলোকে অৱগত কৰে।

এই অনুষ্ঠানত ড০ এন এন দত্ত আৰু বন্দনা দত্তকো বিশেষভাৱে সন্মানিত কৰে। এই প্ৰদৰ্শনীত পৃথিৱী, মঙ্গল, চন্দ্ৰ, সূৰ্য, সৌৰজগত আৰু ছায়াপথক সামৰি মহাজাগতিক ক্ষেত্ৰৰ আশ্চৰ্য আৰু তাৎপৰ্যৰ বিষয়ে ব্যাখ্যা কৰা হয়। লগতে এই অনুষ্ঠানতে 'ডান্স অব ষ্টাৰ্ছ' আৰু 'ডান্স অব প্লেনেটছ' প্ৰদৰ্শনৰ জৰিয়তে মহাকাশীয় বিষয়বোৰ জীৱন্ত কৰি তোলা হয়।

Also Read: ১৫ হাজাৰ ৭০০ কোটি টকাৰ প্ৰকল্প লৈ অযোধ্যালৈ প্ৰধানমন্ত্ৰীঃ ৰামায়ণৰ শ্ৰষ্টাৰ নামেৰে নামকৰণ বিমান বন্দৰ...

ডাউন টাউন গুৰুকুল