আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে জি-২০ ৰ 'SAI-20' বৈঠক...

আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে জি-২০ ৰ ছাই-২০ বৈঠক...
আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে জি-২০ ৰ ছাই-২০ বৈঠক...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত আজিৰে পৰা আৰম্ভ হৈছে জি-২০ ৰাষ্ট্ৰসমূহৰ SAI-20 বৈঠক। আজিৰে পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত এই বৈঠকত ভাৰতৰ সৰ্বোচ্চ অডিট প্ৰতিষ্ঠান কেগৰ নীল অৰ্থনীতি আৰু দায়বদ্ধ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত আলোচনা হ'ব।

বৈঠকত জি-২০ ৰ প্ৰতিনিধি ৰাষ্ট্ৰসমূহৰ উপৰিও কেইবাখনো অতিথি ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। ৩ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই বৈঠক ১৫ মাৰ্চত অন্ত পৰিব।

বৈঠকত ছাই-২০ ৰ প্ৰতিনিধি, অতিথি সকলে নিজ নিজ অভিজ্ঞতাৰ বিষয়ে আদান প্ৰদান কৰিব। বৈঠকখনৰ পূৰ্বে পুৱা অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত অডিটৰ জেনেৰেল গিৰিশ চন্দ্ৰ মুৰ্মু আৰু জি-২০ ৰ সদস্য ৰাষ্ট্ৰসমূহৰ অডিট প্ৰতিষ্ঠানৰ মুৰব্বীসকল উপস্থিত থাকে।

আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে জি-২০ ৰ ছাই-২০ বৈঠক...
অস্কাৰৰ আনন্দৰ মাজতে কেন উলিয়ামছনে ভাৰতক দিলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ উপহাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in