গুৱাহাটীত বৃদ্ধাশ্ৰমৰ আৱাসীৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ

গুৱাহাটীত বৃদ্ধাশ্ৰমৰ আৱাসীৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত বৃদ্ধাশ্ৰমৰ আৱাসীৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ

ডিজিটেল সংবাদ,গুৱাহাটীঃ ২৮ এপ্ৰিলত গুৱাহাটীত দীপজ্যোতি ইণ্ডিয়া ফাউণ্ডেশ্যন মুম্বাই,এ এম চি প্ৰাক্তন ছাত্ৰ সন্থা আৰু একাডেমিক ফ'ৰাম,গুৱাহাটীৰ উদ্যোগত লগতে উইনদ্ৰৱ হাস্পতালৰ সহায়ত বেলতলাৰ প্ৰমোদ মেম'ৰিয়েল অল্ড এজ হোম,হাতীগাঁৱৰ জ্যেষ্ঠ নাগৰিক হোমৰ ককা-আইতা সকলৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।

Advertisment

স্বাস্থ্য শিবিৰত চকু আৰু ই এন টি পৰীক্ষাকে ধৰি বিস্তৃত সেৱা আগবঢ়োৱা হয়। এই শিবিৰতে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ স্ক্ৰীনিং কৰে য’ত তেজৰ শৰ্কৰাৰ আনুমানিক ধাৰণা কৰা হয়। অনুষ্ঠানটোত চকুৰ বিশেষজ্ঞ ডাঃ সুভ্ৰা দাস,জিএমচিএইচৰ আঞ্চলিক চকু চিকিৎসা প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অঞ্জনা চৌধুৰী আৰু ইএনটি বিশেষজ্ঞ ডাঃ ছামিম আহমেদ,উইনট্ৰৱ হাস্পতালৰ নাৰ্ছৰ এটা দল,"সম্পূৰ্ণা" এন জি অ'ৰ প্ৰতিষ্ঠাপক শ্ৰীমতী দীপজ্যোতি গাৰ্গ,প্ৰগ্ৰেম সঞ্চালিকা শ্ৰীমতী অমৃতা বৰকটকীৰ লগতে সম্পূৰ্ণত কৰ্মৰত সমাজকৰ্মী শ্ৰীমতী অনুভূতি ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে।

স্বাস্থ্য শিবিৰত ডাঃ অমল চন্দ্ৰ কটকী,ডাঃ কৌশিক জগন্নাথ কটকী,ডাঃ এন কে বেৰিয়া আৰু ডাঃ ৰবীন শইকীয়াও উপস্থিত থাকে। উল্লেখ্য যে শিবিৰত ৭০ জনতকৈ অধিক ৰোগীক পৰীক্ষা কৰা লগতে ১৯ জনৰ চকুৰ ছানি পৰা ৰোগ ধৰা পৰে। সকলো ৰোগীক জি এম চি এইচত বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

অনুষ্ঠানত এন জি অ'টোৱে এ এম চি এলুমনি এছ'চিয়েচন আৰু একাডেমিক ফ'ৰাম,গুৱাহাটী আৰু উইনট্ৰ'ৱ হাস্পতালৰ সহায়ৰ শলাগ লয়। উক্ত শিবিৰৰ সময়ছোৱাত বয়ো জ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতিৰোধমূলক আৰু প্ৰচাৰমূলক দিশসমূহ সন্দৰ্ভত ডাঃ এ চি কটকীয়ে আলোকপাত কৰে।

Also Read: BTR আক্ৰাছুৰ সংবাদ মেল: সভাপতিসহ দুই নেতাক বৰ্জন...

gmch Deepjyoti India Foundation NGO Sampoorna mother old age home guwahati free health camp