BTR আক্ৰাছুৰ সংবাদ মেল: সভাপতিসহ দুই নেতাক বৰ্জন...

বিটিআৰ আক্ৰাছুৰ নতুন সমিতি গঠন
BTR আক্ৰাছুৰ সংবাদ মেল: সভাপতিসহ দুই নেতাক বৰ্জন...
BTR আক্ৰাছুৰ সংবাদ মেল: সভাপতিসহ দুই নেতাক বৰ্জন...

ডিজিটেল সংবাদ চিৰাং: অন্তকলহত জৰ্জৰিত হৈ বহুধাবিভক্ত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ পিছত আন এক বিভাজনৰ দিশে সদৌ বি টি আৰ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ বি টি আৰ আক্ৰাছু। কাৰণ সদৌ বি টি আৰ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মণিৰাম ৰায়ৰ বিৰুদ্ধে সংগঠনৰ চাৰিখন জিলা সমিতিয়ে একনায়কত্বাবাদ তথা জাতীয় স্বাৰ্থক জলাঞ্জলি দি জাতি বিৰোধী ভূমিকা লোৱাৰ অভিযোগ উত্থাপন কৰি সংগঠনৰ সভাপতি পদৰ পৰা অপসাৰণ কৰি আক্ৰাছুৰ পৰা বৰ্জন কৰা হয়।

সোমবাৰে সদৌ বি টি আৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বাপুকণ বৰ্মনৰ নেতৃত্বত আক্ৰাছুৰ এটা সজাঁতি দলে কাজলগাঁওস্থিত চিৰাং জিলাৰ প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি সদৌ বি টি আৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি মণিৰাম ৰায়ক বি টি আৰ আক্ৰাছুৰ পৰা বৰ্জন কৰাৰ কথা আনুষ্ঠানিকভাবে ঘোষণা কৰে।

সংবাদ মেলত সদৌ বি টি আৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বাপুকণ বৰ্মনে লগতে কয় যে, স্বজাতিৰ অধিকাৰ আৰু উন্নয়নৰ হকে কাম কৰাৰ কৈ বি টি আৰ আক্ৰাছুৰ নেতৃত্ব বহন কৰা মণিৰাম ৰায়ে নিজৰ ব্যক্তিগত স্বাৰ্থ বাবে একনায়কত্বাবাদ তথা স্বেচ্ছাচাৰিতাৰে আক্ৰাছুক যিদৰে পৰিচালিত কৰিবলৈ আৰম্ভ কৰিছিলে যিটো বি টি আৰ আক্ৰাছুৰ চাৰিখন জিলা সমিতিয়ে সহজভাবে গ্ৰহণ কৰা নাছিল আৰু যাৰ কাৰণে মণিৰাম ৰায়ৰ দৰে স্বাৰ্থপৰ নেতাক সংগঠনৰ নেতৃত্বৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত কৰা হৈছে।

আজিৰ মণিৰাম ৰায়ে যাতে নিজকে বি টি আৰ আক্ৰাছুৰ সভাপতি হিচাপে পৰিচয় নিদিয়ে বা সমাজেও যাতে গ্ৰহণ নকৰে তাৰ বাবে আহ্বান জনায়। উল্লেখযোগ্য যে, মণিৰাম ৰায়ে বি টি আৰ আক্ৰাছুৰ নেতৃত্বত থকা সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ কোচিংৰ বাবে আবণ্টিত টকা আত্মসাৎ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ জড়িয়তে বহু টকা আত্মসাৎ কৰা বুলি সংবাদমেল মন্তব্য কৰে বৰ্তমান বি টি আৰ আক্ৰাছুৰ সম্পাদক বাপুকন বৰ্মনে।

BTR আক্ৰাছুৰ সংবাদ মেল: সভাপতিসহ দুই নেতাক বৰ্জন...
নিৰ্বাচনী বিধি উলংঘাঃ নিৰ্বাচন আয়োগক উত্তৰ দিবলৈ BJPক লাগে অতিৰিক্ত ৭ দিন, কংগ্ৰেছক লাগে ১৪ দিন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in