/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/52ec6a8b-fde1-47f5-9f53-d982b8ae93ab/result.jpg)
কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন সভা
ডিজিটেল সংবাদ, ছয়দুৱাৰ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি বৃহত্তৰ ছয়দুৱাৰ অঞ্চলত এক প্ৰতিযোগিতামূলক সুস্থ বিদ্যায়তনিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলে । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এইবাৰো সফলতা বুটলিবলৈ সক্ষম হৈছে ।
ইংৰাজী মাধ্যমৰ আগশাৰী বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ অসমৰ ভিতৰত শীৰ্ষ অষ্টম স্থান লাভ কৰি ৯৭.৮৩% নম্বৰেৰে বিদ্যালয়খনৰ উপৰিও সমগ্ৰ গহপুৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে পাৰ্থপ্ৰতিম ভূঞাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/bee8b7ef-9250-4ad8-8f09-9a9c4bc7ee5e/cc375ed4_b95f_4d8b_9d88_76c300851f23.jpg)
ডিষ্ট্ৰিংছন নম্বৰ লাভ কৰিছে ১২ গৰাকী আৰু ষ্টাৰ নম্বৰ লাভ কৰিছে ৭ গৰাকী ছাত্র-ছাত্ৰীৰ লগতে লেটাৰ নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৩৭ গৰাকী আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা ১৬ গৰাকী মেধাৱী ছাত্র-ছাত্ৰীক বৃহস্পতিবাৰে বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱা হয়।
সেই উপলক্ষে বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰৰ দিনৰ প্ৰায় ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা অভিনন্দন সভাখনত সভাপতিত্ব কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী সিদ্ধেশ্বৰ হাজৰিকাই । মৰ্ণিং ষ্টাৰ হাইস্কুলৰ অধ্যক্ষ দীনেশ কুমাৰ কেচিয়ে উদ্যেশ্যে বাখ্যা কৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰি বিদ্যালয়খনৰ পৰিচালন সঞ্চালক যাদৱ চলিহাই কয় যে প্ৰতিষ্ঠাকালৰ পৰা এতিয়ালৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তিনিটা ফলাফলত বিদ্যালয়খনে অসমৰ ভিতৰত নাম ৰাখিবলৈ সক্ষম হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c3813529-40f5-46f8-9da8-57bffd5e5ce5/16e3d40c_938c_4e28_8114_98453844c811.jpg)
গুণগত শিক্ষাৰ জৰিয়তে প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত মৰ্ণিং ষ্টাৰ হাইস্কুলৰ প্ৰতিগৰাকী শিক্ষাগুৰুৱে নিষ্ঠা আৰু সততাৰে শিক্ষাদান দি অহাৰ কথা আদৰণী ভাষণত উল্লেখ কৰি যাদৱ চলিহাই ছাত্র-ছাত্ৰী সকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে । অনুষ্ঠানটোত কৃতী ছাত্র-ছাত্ৰী সকলক একোখনকৈ অভিনন্দন পত্ৰ আৰু ফুলাম গামোচাৰে ৰাজহুৱাভাবে সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় কতৃপক্ষই।
সভাখনত অভিনন্দন গ্ৰহণ কৰি শীৰ্ষ অষ্টম স্থান প্ৰাপ্ত পাৰ্থপ্ৰতিম ভূঞাই কষ্টৰ ফল সদায় মিঠা বুলি ভাষণত উল্লেখ কৰি অধ্যয়নৰ ক্ষেত্ৰত নিয়মানুবৰ্তিতাৰ ওপৰত গুৰুত্ব দিবলৈ কণ কণ ছাত্র-ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায় । লগতে তেওঁৰ এই কৃতকাৰ্য্যতাৰ আঁৰত থকা বিদ্যালয়খনৰ অৱদান অতুলনীয় বুলি ভাষণত উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/40a273fa-6216-4b9a-ba55-310a9cde78a1/37002d27_8352_4af4_b665_094406cf18e7.jpg)
অনুষ্ঠানটোত উপস্থিত থাকি পাৰ্থ প্ৰতিমৰ পিতৃ তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদ্মেশ্বৰ ভূঞাই পুত্ৰৰ এই সফলতাৰ বাবে মৰ্ণি ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক, অধ্যক্ষ আৰু প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি গাড়ী চলোৱা চালক জনলৈকে যথেষ্ট অৰিহণা থকা বুলি উল্লেখ কৰে । বিদ্যালয়খনৰ সৈতে জড়িত বিজয় বৰা আৰু অপূৰ্ব সিংহৰ উপৰিও চুপহা সত্ৰৰ সত্ৰাধিকাৰ বিষ্ণুদেৱ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা অনুষ্ঠানটোত উপস্থিত থাকি হেলেম মণ্ডল বিজেপিৰ সভাপতি নিৰণ হাজৰিকাই ভাষণ প্ৰদান কৰি বিদ্যালয়খনৰ এই সফলতাত যথেষ্ট আনন্দ অনুভৱ কৰে ।
ভাষণ প্ৰসংগত তেওঁ বিদ্যালয়খনৰ এই সফলতাত পৰম সন্তোষ প্ৰকাশ কৰি স্থানীয় বিধায়ক উৎপল বৰাই বিদ্যালয়খনত এটি আটকধুনীয়া প্ৰসাৱগাৰ নিৰ্মাণ কৰি দিব বুলি ৰাজহুৱাকৈ উল্লেখ কৰে । অনুষ্ঠানটোত ড: বীৰেণ ভূঞা, প্ৰদীপ দত্ত, দিগন্ত গোঁহাই, বংশী বৰা, নগেন কোঁৱৰ, লোকেশ্বৰী সন্দিকৈ, কৃপালী গোস্বামী, মুখেশ্বৰ বৰা, ভদ্ৰেশ্বৰী বৰা, নিকুঞ্জ কোঁৱৰ মহন্ত, সবিতা কোঁৱৰ, নবীন শইকীয়া, কমল বৰা, বিনোদ আগৰৱালা, শংকৰলাল আগৰৱালা, নিলোৎপল ৰবিদাস,সুবোধ দে,জয়ন্ত শইকীয়া, জিলমিল বৰা তামুলী,স্মিতা গোস্বামী,ড:দীপ শৰ্মা, অমৰেন্দ্ৰ কলিতা, ড:ৰীতামণি বৰা,কুতুবুদ্দিন আহমেদ,গনেশ ছেত্ৰী,জীৱন ভূঞা,সঞ্জীৱ গগৈকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ডিষ্ট্ৰিংচন লাভ কৰা সকলৰ ভিতৰত অভিনৱ ৰাজখোৱা (৮৫%), ভাৰ্গব শইকীয়া (৯১.৬৬%), বিনীত আত্ৰয় (৯৩.৫%), দ্ৰোপদ আচাৰ্য্য (৮৮.৫%), ইতুস্মিন সেনাপতি (৯৩.১৬%), নৱনীত গোহাঁই (৯৩.৮৩%), প্ৰিয়দৰ্শিনী বৰঠাকুৰ (৯৫.১৬%), ৰাজশ্ৰী বৰা (৮৯.৮৩%), সমিৰ্থ শইকীয়া (৯২.৩৩%), সিদ্ধাৰ্থ উপাধ্যায় (৯৩%) আৰু য়ুগ মিট্টাল (৯০.৮৩%) । ডিষ্ট্ৰিংচন লাভ কৰা আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভাষণ প্ৰদান কৰি বিদ্যালয়খনত অধ্যয়ন কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰে।