বেলতলা জ্যেষ্ঠ নাগৰিক চ'ৰাৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস...

"চৰকাৰে নিৰ্ধাৰণ কৰা ১৭দফীয়া ৰাজ্যিক নীতিৰ সঠিক ৰূপায়ন হ'লেহে জ্যেষ্ঠ নাগৰিকে প্ৰকৃত মৰ্য্যাদা

author-image
Asomiya Pratidin
New Update
বেলতলা জ্যেষ্ঠ নাগৰিক চ'ৰাৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস...

ডিজিটেল ডেস্কঃ "চৰকাৰে নিৰ্ধাৰণ কৰা ১৭দফীয়া ৰাজ্যিক নীতিৰ সঠিক ৰূপায়ন হ'লেহে জ্যেষ্ঠ নাগৰিকে প্ৰকৃত মৰ্য্যাদা লাভ কৰিব। নতুন চিন্তা চৰ্চাৰে সঠিক দিহা পৰামৰ্শেৰে চৰকাৰে সঠিক পৰিকল্পনা লৈ কাম কৰাৰ প্ৰয়োজন।"

Advertisment

শনিবাৰে গুৱাহাটী মহানগৰীৰ বেলতলা জ্যেষ্ঠ নাগৰিক চৰকাৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস আৰু ৭ম দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ আলোচক ড০ অমৰজ্যোতি চৌধুৰীয়ে এনেদৰে কয়। ভাষণ প্ৰসংগত বক্তাগৰাকীয়ে সমূহৰ হিতাৰ্থে এখন সুস্থ ,সমাজ গঢ়নত জ্যেষ্ঠ নাগৰিক সন্মিলন বলিষ্ঠভাৱে আগবাঢ়িব লাগিব।

বেলতলা জ্যেষ্ঠ নাগৰিক চ'ৰাৰ সাধাৰণ সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে আদৰণি ভাষণৰ পিছতে বন্তি প্ৰজ্বলন আৰু গনেশ বন্দনা কৰে কৃষ্ণা বৰুৱাই। এনে সভাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনলৈ গুৱাহাটী মহানগৰীত বাসগৃহ আৰু ভূমিদান দিয়া মহিয়সী মাতৃ কনিকা বৰদলৈক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াই জ্যেষ্ঠ নাগৰিক সকল সমাজৰ অভিভাৱক বুলি অভিহিত কৰে। জ্যেষ্ঠ নাগৰিক অমলানন্দ বৰদলৈয়ে সম্পাদনা কৰা "বিদ্বৎপ্ৰভা" শীৰ্ষক স্মৃতি গ্ৰন্থখন উন্মোচন কৰি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠা কালৰ খনিকৰ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ মধুময় হোৱাতো কামনা কৰে।

অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আজীৱন সদস্যৰ প্ৰমাণ পত্ৰ পোনপ্ৰথম বাৰৰ বাবে মুকলি কৰি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ খাউন্দে এনে অনুষ্ঠান ঐতিহাসিক দিন বুলি চ'ৰাৰ ১৬৮গৰাকী সদস্যৰ ভিতৰত আৰম্ভণি হিচাপে মৃদুল কুমাৰ বৰুৱা,লখিমী বৰঠাকুৰ,মাধৱ চন্দ্ৰ শৰ্মা আৰু মিনাক্ষী চৌধুৰীক প্ৰদান কৰা হয়।

এনে অনুষ্ঠানত বেলতলা জ্যেষ্ঠ নাগৰিক চৰাৰ নৱ নিৰ্বাচিত সম্পাদক জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ কাব্যগ্ৰন্থ "উদিত সূৰুযৰ ৰঙণী" উন্মোচন কৰি অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড০ ৰুণু ভট্টই কয় যে ন সৃষ্টিৰ আনন্দই জীৱনক মধুৰতা প্ৰদান কৰে। সভাত ৮০ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক ৩গৰাকী ক্ৰমে ইন্দ্ৰেশ্বৰ ৰাজখোৱা, নীলকান্ত লস্কৰ আৰু পৰাগজ্যোতি খাউন্দক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

বিভিন্ন জনৰ গীত-মাত, বিহু নৃত্য, বৰগীত আৰু ভূপেন্দ্ৰ সংগীত পৰিবেশনে সভাত অংশগ্ৰহণ কৰা সদৌটিকে সন্তোষিত কৰে।

আৰু পঢ়কঃ ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ

foundation day SeniorCitizens