২৪ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ

সমাৰোহত ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে সভাপতিৰ আসন অলংকৃত কৰিব
২৪ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ

ডিজিটেল ডেস্কঃ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ত্ৰিংশতিতম দীক্ষান্ত সমাৰোহ অহা ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। শনিবাৰে বিশ্ববিদ্যালখনৰ পঞ্জীয়কে এক বিবৃতিযোগে এই কথা উল্লেখ কৰে।

বিবৃতি অনুসৰি দীক্ষান্ত সমাৰোহত বিশ্ববিদ্যালয়ৰ উপাধি বিচাৰি আবেদন জনোৱা ৩২৮৭ গৰাকী শিক্ষাৰ্থীৰ ৭৫ জন পি এইচ ডি উপাধিপ্ৰাপ্ত। সমাৰোহত ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে সভাপতিৰ আসন অলংকৃত কৰিব।

আনহাতে পদ্মশ্ৰী সন্মানপ্ৰাপ্ত ড০ জে কে বাজাজে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিব। উক্ত সমাৰোহতে প্ৰখ্যাত পৰিবেশবিদ তথা ব্ৰহ্মপুত্ৰ নদীৰ বিশেষজ্ঞ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দুলাল চন্দ্ৰ গোস্বামীক ডি এছ চি উপাধিৰে সন্মান জনোৱা হ'ব।

ইয়াৰোপৰি নৰ্থ ইষ্ট নেটৱৰ্কৰ সহযোগী প্ৰতিষ্ঠাপক ড০ মনীষা বেহেল আৰু ডিমাচা কবি তথা সমাজকৰ্মী বিশ্বজ্যোতি বৰ্মনক পি এইচ ডি প্ৰদান কৰা হ'ব বুলি বিবৃতিত প্ৰকাশ। উক্ত সমাৰোহত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সকলোৰে সহযোগিতা কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in