'কা' বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

'কা' বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

author-image
Asomiya Pratidin
New Update
'কা' বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ,হাওৰাঘাট : নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাৰ দাবীত পুনৰ গৰজি উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। উল্লেখযোগ্য যে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিগত কিছুদিনৰ আগয়েই আগন্তুক নৱবৰ্ষত নাগৰিকত্ব সংশোধনী আইন অসমত প্ৰণয়ন কৰাৰ কথা চৰকাৰীভাবে ঘোষণা কৰিছিল।

Advertisment

ইয়াকে লৈ সম্প্ৰতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সৰৱ হৈ পৰিছে। সেই লৈ শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এক নিৰ্দেশনা অনুযায়ী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰা আৰু নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত সমগ্ৰ অসমজুৰি তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়েও জিলাখনৰ সদৰ চহৰ ডিফুস্থিত ছেমছন ছিং ইংতি মেমৰীয়েল পাৰ্কত এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে। উক্ত প্ৰতিবাদস্থলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য জিতু ফুকন তথা কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি অপূৰ্ব দাসকে প্ৰমুখ্যে কৰি বহুকেইগৰাকী দলীয় নেতা কৰ্মীও উপস্থিত থাকে।

Also Read: মেঘালয় সীমান্তত চোৰাং ম'হ জব্দ

Haoraghat ajycp caa protest