প্ৰাক্তন বিধায়ক দিলীপ কুমাৰ পালে পুনৰ বিজেপিত যোগদান কৰে

বিগত বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিলচৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি দলৰ পৰা বহিষ্কৃত হোৱা প্ৰাক্তন বিধায়ক দিলীপ কুমাৰ পাল পুনৰ দেওবাৰে গুৱাহাটীত বিজেপিত যোগদান কৰে।

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন বিধায়ক দিলীপ কুমাৰ পালে পুনৰ বিজেপিত যোগদান কৰে

ডিজিটেল সংবাদ, শিলচৰঃ বিগত বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিলচৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি দলৰ পৰা বহিষ্কৃত হোৱা প্ৰাক্তন বিধায়ক দিলীপ কুমাৰ পাল পুনৰ দেওবাৰে গুৱাহাটীত বিজেপিত যোগদান কৰে।

Advertisment

মুখ্যমন্ত্ৰীৰ অনুৰোধত পুনৰ দললৈ প্ৰত্যাবৰ্তন কৰা দিলীপ পাল বুধবাৰে দুপৰীয়া গুৱাহাটীৰ পৰা শিলচৰলৈ উভতি আহিব।‌ দিলীপ পালক আদৰণী জনাবলৈ এইদৰে শিলচৰ ৰেল ষ্টেচনত ভিৰ কৰিছে তেওঁৰ সমৰ্থক সকলে। বহু দিনৰ মুৰত বিজেপিলৈ উভতি অহা শিলচৰৰ প্ৰাক্তন বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ পালক আদৰিবলৈ এইদৰে তেওঁৰ সমৰ্থকসকল ওলাই অহাত কাছাৰ বিজেপিৰ ভিতৰচৰাত যে ধুমুহাৰ সৃষ্টি হ'ব সেয়া প্ৰায় খাতাং । দিলীপ পালে ৰবিবাৰে দলত যোগদান কৰাৰ পিছতে ইতিমধ্যে সেই কথা স্পষ্ট হৈছে।

Also Read: চামপৰা নদী সৃষ্ট তাণ্ডৱ ৰোধিবলৈ গঞাই বান্ধিছে টঙালি

bjp mla dilip kumar