চামপৰা নদী সৃষ্ট তাণ্ডৱ ৰোধিবলৈ গঞাই বান্ধিছে টঙালি

চামপৰা নদী সৃষ্ট তাণ্ডৱ ৰোধিবলৈ গঞাই বান্ধিছে টঙালি

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ আৰু দক্ষিণ ঘিলামৰাত চামপৰা নদীখন অভিশাপ হিচাবে থিয় দি আহিছে।  বিগত কেইবা দশক ধৰি এই নদীখনে দক্ষিণ ঘিলামৰাৰ বৃহত্তৰ এলেকাত বাস কৰা নাগৰিকৰ জীৱন জীৱিকা বিপৰ্যস্ত কৰি আহিছে । নদীখনে দক্ষিণ গাঁও, বাংকেলেং,কেছেৰুগুৰি , বালি পুখুৰী, কোঁৱৰ বাৰী, শিয়ালমাৰী আদি ৯খন গাঁও আৰু কৃষিভূমিত সাধাৰণ বাৰিষাতে তাণ্ডৱ চলাই জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সমান্তৰাল ভাৱে অঞ্চলবাসীৰ  মেৰুদণ্ড স্বৰূপ একমাত্ৰ লোকনিৰ্মান বিভাগৰ পথটোলৈ অন্তিম ভাবুকি মাতি আনিছে ।

লেফ্ট বেংক চামপৰাৰ পৰা দক্ষিণ গাঁও সংযোগী এই গুৰুত্বপূৰ্ণ বিভাগীয় পথটো বিভাগৰ হেমাহীৰ বাবে যোৱাটো বানৰ ধলে বিস্তৰ অংশ গৰা খহনীয়া চলাই উচন নিলে । লোকনিৰ্মান বিভাগৰ কৃপাত অঞ্চলবাসী ৰাইজ উক্ত পথেৰে যাতায়ত কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰি এক জটিল সমস্যাৰ উদ্ভৱ কৰিলে নদীখনে । পৰৱৰ্তী সময়ত লখিমপুৰ জিলাৰ তদানীন্তন জিলা আয়ুক্ত শোণিত সত্বাৱনে দুবাৰকৈ এই খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰি লোকনিৰ্মান বিভাগৰ জৰিয়তে পথটো পুনৰ নিৰ্মান আৰু স্থায়ী খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দি গৈছিল। কিন্তু ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান বিভাগে এই জটিল সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতি কোনো দিনেই গুৰুত্ব নিদিলে ।

লোকনিৰ্মান বিভাগৰ তদানীন্তন কাৰ্যবাহী অভিযন্তা কনক বড়োৰ পাছত এই পদত যোগদান কৰিলে দন্দিধৰ মিলিয়ে । কিন্তু এইগৰাকী অকমন্য মুৰব্বী বিষয়ায়ো এই স্পৰ্শকাতৰ সমস্যাৰ প্ৰতি বৰ্তমান পৰ্যন্ত কোনো গুৰুত্ব দিয়া ভুক্তভোগী ৰাইজৰ দৃষ্টিগোচৰ নহ'ল । পৰিণতিত পুনৰ অহা বান বাৰিষাৰ কালত অবৰ্ণনীয় সমস্যাৰ সন্মুখীন হ'ব লগাতো প্ৰায় নিশ্চিত হৈছে লোকনিৰ্মান বিভাগৰ দায়িত্বহীন ভূমিকাৰ বাবে এইখিনি গাঁওৰ ৰাইজ । 

নাগৰিকৰ জীৱনৰ লগতে অঞ্চলটোৰ ভৌগলিক অস্তিত্বলৈ মহা সংকট নমাই অনা এই জটিল সমস্যাটোৰ প্ৰতি কাৰ্যবাহী অভিযন্তা মিলি আৰু লোকনিৰ্মান বিভাগৰ এনে চূড়ান্ত দায়িত্বহীন স্থিতিৰ সমান্তৰাল ভাৱে অকমন্য বিধায়ক নৱ দলে আৰু  বেপৰোৱা সাংসদ প্ৰদান বৰুৱায়ো গ্ৰহণ কৰি আহিছে উদাসীন ভূমিকা । বিধায়ক ,সাংসদ আৰু বিভাগীয় অভিযন্তাৰ এনে কাণ্ডজ্ঞানহীন স্থিতিত বৃহত্তৰ অঞ্চলবাসী ক্ষুব্ধ অসন্তুষ্ট। 

নদীৰ খহনীয়াগ্ৰস্ত অৱশিষ্ট পথৰ অংশৰে মৰণত শৰণ দি যাতায়ত কৰা ভুক্তভোগী ৰাইজৰ দুখ যন্ত্ৰণাৰ অনুভৱ কৰিব নোখোঁজা এনেবোৰ অকমন্য ৰাজনীতিক আমোলা বিষয়াৰ মৰ টোপনি ভাঙিবলৈ ৰাইজে টঙালি বান্ধিছে । তদ্ৰুপ ভাৱে নদীখনৰ উত্তৰ দিশে নিৰ্মিত বান্ধত এখন "শ্লোইছ গেট" নিৰ্মান কৰাৰ ব্যৱস্থা আছিল । উত্তৰ ঘিলামৰাবাসীক বানৰ তাণ্ডৱৰ পৰা সুৰক্ষিত কৰাৰ বাবে নিৰ্মিত প্ৰস্তাৱিত এই বান্ধটোত উক্ত শ্লোইছ গেটখন নিৰ্মান নকৰাৰ বাবে এতিয়া সমগ্ৰ বাৰিষা কাল উত্তৰ ঘিলামৰাবাসী বানৰ তাণ্ডৱত ভুগি থাকিব লাগে ।

হিতে বিপৰীত হোৱা এই বান্ধটোৰ বাবেই বাৰিষাৰ প্ৰায় ৫টা মাহ সমগ্ৰ  উত্তৰ ঘিলামৰা আৰু নগৰাঞ্চল বানত ডুবি থাকিব লগা হোৱাৰ পাছতো নির্বিকাৰ এনেবোৰ অকমন্য পক্ষ ।  সততে ৰাইজৰ দল  সংগঠন বুলি দাবী কৰি অহা ৰাজনৈতিক, অৰাজনৈতিক দল সংগঠনবোৰেও এইক্ষেত্ৰত  পালিছে মুক বধিৰৰ ভূমিকা ।এইখিনি সমস্যাভোগী ৰাইজৰ প্ৰতি এষাৰ বলিষ্ঠ মাত মাতিবলৈ আহৰি নাই এনেবোৰ দল সংগঠনৰ । সেয়ে ভুক্তভোগী ৰাইজে সিদ্ধান্ত লৈছে অহা ১ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব প্ৰাপ্য বিচৰা গণতান্ত্ৰিক প্ৰতিবাদৰ । উক্ত দিনা লোকনিৰ্মান বিভাগৰ বিষয়াক এই জটিল সমস্যাৰ সমাধানৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰি এই ঐক্যবদ্ধ সংগ্ৰামৰ পাতনি মেলিব ৰাইজে নিজেই ।

চামপৰা নদী সৃষ্ট তাণ্ডৱ ৰোধিবলৈ গঞাই বান্ধিছে টঙালি
কি পৰ্যায়ত আছে অসম মিলেট মিছন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in