/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/655cffec-762d-4005-8380-75fd92e244a5/pani_06.jpg)
ঘৰ এৰি বাহিৰলৈ নাহিব আজিঃ গুৱাহাটীৰ চৌদিশে পানী...
ডিজিটেল ডেস্কঃ ঘৰ এৰি গুৱাহাটীত বাহিৰলৈ নাহিব আজি। চৌদিশে কেৱল পানী। নিশাৰ মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটীৰ বৃষ্টিৰ্ণ অঞ্চল পুনৰ কৃত্ৰিম বানপানীৰ কৱলত পৰিছে।
ঠায়ে ঠায়ে বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা। এনে কৃত্ৰিম বানৰ বাবে বন্ধ ঘোষণা কৰা হৈছে বহু শিক্ষানুষ্ঠান।
বিশেষকৈ গুৱাহাটীৰ অনিল নগৰ, নবীন নগৰ, চানমাৰিৰ দাঁতিকাষৰীয়া সম্পূৰ্ণ অঞ্চল জলমগ্ন। ইয়াৰোপৰি ভি আই পি পথৰ লগতে পাছৰকুৱেৰী, বৰবাৰীৰ বিভিন্ন স্থান প্লাৱিত হৈছে। আৰ জি বৰুৱা ৰোডত একঁকাল পৰ্যন্ত পানী। জুৰোড প্ৰায় ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা।
Also Read: জম্মু-কাশ্মীৰত অঘটনঃ সেনা জোৱানে গুলীয়ালে সতীৰ্থক...